বিৰুবাৰীত ট্ৰান্সফৰ্মাৰ বিস্ফোৰণঃ শিশুকে ধৰি ৩ জনৰ অৱস্থা সংকটজনক 
গুৱাহাটী

বিৰুবাৰীত ট্ৰান্সফৰ্মাৰ বিস্ফোৰণঃ শিশুকে ধৰি ৩ জনৰ অৱস্থা সংকটজনক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এটা বৈদ্যুতিক ট্ৰান্সফাৰ্মাৰ বিস্ফোৰণৰ ফলত দুটা পৰিয়ালৰ ৩ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে।

আহত আটাইকেইগৰাকীকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও আটাই কেইগৰাকীৰে অৱস্থা সংকটনজনক বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাত আহত লোক কেইগৰাকীৰ নাম ক্ৰমে ৰিংকী তিৱাৰী (৩৫), মীৰা তিৱাৰী (৪) আৰু ৰোহিত আলী (৪০)। ইয়াৰে ৰিংকী তিৱাৰী আৰু মীৰ তিৱাৰী একেটা পৰিয়ালৰ সদস্য আৰু দুয়োৰে অৱস্থা অতি সংকটজনক।

জি এম চি এইছৰ ফালৰ পৰা জনোৱা অনুসৰি ৰিংকী তিৱাৰীৰ মুখমণ্ডলকে ধৰি দেহৰ ২০ ৰ পৰা ৩০ শতাংশ অগ্নিদগ্ধ হৈছে। ৰোহিত আলীৰ দেহ ১০ ৰ পৰা ১৫ শতাংশ অগ্নিদগ্ধ হৈছে। মীৰা তিৱাৰী নামৰ ৪ বছৰীয়া শিশুটিৰ মুখকে ধৰি দেহ ৩০ ৰ পৰা ৪০ শতাংশ অগ্নিদগ্ধ হৈছে।

আটাইকেইগৰাকী ৰোগীৰে স্বাস্থ্যৰ জটিলতাৰ প্ৰতি লক্ষ্য কৰি চিকিৎসকে সকলোধৰণৰ সুৰক্ষামূলক ব্যৱস্থা অনুসৰণ কৰি আই চি ইউত চিকিৎসা প্ৰদান কৰিছে। এই ঘটনাৰ পাছতে এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰসমূহে কঢ়িয়াই অনা বিপদৰ প্ৰতি লক্ষ্য কৰি সুৰক্ষাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন হৈছে।