গুৱাহাটী

ট্ৰেণ্ডছ-প্ৰতিদিন বিহুৰে বিৰিণা ছিজন-৯ৰ সামৰণি

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰঙালী বিহু উপলক্ষে আয়োজিত ট্ৰেণ্ডছ-প্ৰতিদিন বিহুৰে বিৰিণা ছিজন-৯ৰ অলপতে সফল সামৰণি পৰে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা।

চূড়ান্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ সৰু বিহুৱতীৰ খিতাপ লাভ কৰে নাৰায়ণপুৰৰ কস্তুৰী শইকীয়াই। শদিয়াৰ নৃত্যাংগনা গগৈয়ে লাভ কৰে দ্বিতীয় শ্ৰেষ্ঠ সৰু বিহুৱতীৰ খিতাপ।

ইফালে নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোহাঁয়ে শ্ৰেষ্ঠ বৰ বিহুৱতী আৰু গুৱাহাটীৰ কাহিলীপাৰাৰ গংগা বসুমতাৰীয়ে লাভ কৰে দ্বিতীয় শ্ৰেষ্ঠ বৰ বিহুৱতীৰ খিতাপ। একেদৰে শ্ৰেষ্ঠ হুঁচৰি দলৰ খিতাপ লাভ কৰে শিৱসাগৰৰ ৰংঘৰ বিহু-হুঁচৰি দলে। মৰাণৰ ৰংমন এনাজৰী আৰু ডিব্ৰুগড়ৰ চেও হুঁচৰি দলে লাভ কৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় হুঁচৰি দলৰ সন্মান।

চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিহু সম্ৰাজ্ঞী সীতাৰাণা হাজৰিকা, বিহুৰাণী তথা অভিনেত্ৰী মাধুৰিমা চৌধুৰী, বিহুৰাণী শ্ৰুতিমালা মেধি আৰু লোক-সংস্কৃতিৰ সাধক ৰূপেশ্বৰ শইকীয়া। প্ৰতিযোগিতাত পুৰস্কাৰ হিচাপে ৰংঘৰ বিহু-হুঁচৰি দললৈ আগবঢ়োৱা হয় ২লাখ টকা আৰু ট্ৰফী।

দ্বিতীয় শ্ৰেষ্ঠ হুঁচৰি দল ৰংমন এনাজৰীক ১লাখ টকা আৰু ট্ৰফী প্ৰদান কৰাৰ লগতে তৃতীয় শ্ৰেষ্ঠ চেও হুঁচৰি দলক প্ৰদান কৰা হয় ৩০হাজাৰ টকা। একেদৰে সৰু বিহুৱতী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী কস্তুৰী শইকীয়াক ৫০হাজাৰ টকা আৰু ট্ৰফী, দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী নৃত্যাংগনা গগৈক প্ৰদান কৰা হয় ২০হাজাৰ টকা আৰু ট্ৰফী।

একেদৰে শ্ৰেষ্ঠ বৰ বিহুৱতী কৃষ্ণাশ্ৰী বুঢ়াগোহাঁইক প্ৰদান কৰা হয় ১লাখ টকা আৰু ট্ৰফী। দ্বিতীয় শ্ৰেষ্ঠ বৰ বিহুৱতী গংগা বসুমতাৰীলৈ আগবঢ়োৱা হয় ৫০ হাজাৰ টকা আৰু ট্ৰফী।