গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বি-দিৱসীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰম্ভ...

প্ৰাগ্‌জ্যোতিষপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদ আৰু ভাৰতীয় দাৰ্শনিক অনুসন্ধান পৰিষদৰ সহযোগত এই আলোচনা চক্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভৱনত " প্ৰাগ্‌জ্যোতিষপুৰ: হিষ্টৰী এণ্ড বেঅ’ণ্ড" বিষয়ক এখনি দ্বি-দিৱসীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ ম‌ঙলবাৰে শুভ উদ্বোধন কৰা হয়৷ ২২ আৰু ২৩ অক্টোবৰ, ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া এই আলোচনা চক্ৰখন প্ৰাগ্‌জ্যোতিষপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদ আৰু ভাৰতীয় দাৰ্শনিক অনুসন্ধান পৰিষদৰ সহযোগত আয়োজন কৰা হৈছে৷

আলোচনা চক্ৰখনত পূৰ্বৰ প্ৰাগ্‌জ্যোতিষপুৰৰ তথা বৰ্তমানৰ উত্তৰপূৱ ভাৰতৰ সামাজিক, সাংস্কৃতিক, ঐতিহাসিক আদি বিবিধ বিষয়ত আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে৷ ইয়াত আলোচিত বিষয়সমূহৰ ভিতৰত প্ৰাগ্‌জ্যোতিষপুৰ আৰু ইয়াৰ বৰ্তমান স্বৰূপ, সাংস্কৃতিক আৰু ভাষিক বিবিধতা, জনবিশ্বাস আৰু পৰম্পৰা আদিয়েই প্ৰাধান্য লাভ কৰে৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, প্ৰাগ্‌জ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য স্মৃতি কুমাৰ সিংহ, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ঐতিহাসিক কেন্দ্ৰৰ অধ্যাপক হীৰামন তিৱাৰী, ডেক্কান কলেজ ডীম্‌দ্‌ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য অধ্যাপক বসন্ত সিন্ধে, দীনদয়াল উপাধ্যায় গোৰখপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ভাৰতীয় অনুসন্ধান পৰিষদৰ সদস্য অধ্যাপক হিমাংশু চতুৰ্বেদী, অসম মহিলা বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য অধ্যাপক মালিনী গোস্বামী, কামাখ্যা দেৱালয়ৰ দলৈ হিমাদ্ৰী শৰ্মা, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰী আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰক্তিম পাটৰ আদি বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

এই আলোচনাচক্ৰৰ সমন্বয়ক হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা, অধ্যাপক সুদেষ্ণা ভট্টাচাৰ্য্য। আলোচনাচক্ৰখনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, দিশপুৰ মহাবিদ্যালয়, কন্যা মহাবিদ্যালয়ৰ লগতে অসমৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷