অতিৰিক্ত ভাড়া বিচাৰি যুৱতীক দুৰ্ব্যৱহাৰ UBER MOTO ৰ বাইক ৰাইডাৰৰ.... 
গুৱাহাটী

অতিৰিক্ত ভাড়া বিচাৰি যুৱতীক দুৰ্ব্যৱহাৰ UBER MOTO ৰ বাইক ৰাইডাৰৰ....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুাৱহাটী মহানগৰীত উবেৰ, অ’লা, ৰেপিড’ চালকৰ মইমতালি নতুন কথা নহয়। বিশেষকৈ এইসমূহৰ বাইক ৰাইডাৰসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো সীমা, সংখ্যা নাই। যাত্ৰীৰ পৰা অধিক ভাড়া আদায়কে ধৰি বিভিন্ন আইন ভংগৰ একাধিক অভিযোগ এইসকল বাইক ৰাইডাৰৰ বিৰুদ্ধে।

ইয়াৰ প্ৰতিবাদ কৰিবলৈ গ’লেই যাত্ৰীয়ে সন্মুখীন হ’বলগীয়া হয় অনাহুত পৰিস্থিতিৰ। তেনে এক ঘটনাৰে পুনৰাবৃত্তি হ'লএ আই ডি চিত। এগৰাকী যুৱতী সাংবাদিকে অতিৰিক্ত ভাড়া আদায় নিদিয়াৰ বাবেই ভাবুকি দিবলৈও সাহস কৰিলে ৰেপিড’ ৰাইডাৰে।

অভিযোগ অনুসৰি গণেশগুৰিৰ পৰা এ আই ডি চিলৈ ৰেপিড’ৰে আহিছিল এগৰাকী যুৱতী সাংবাদিক। তেওঁ উবেৰ ম'ট'ৰ জৰিয়তে বুকিং কৰিছিল এখন বাইক। বাইকখন বুকিং হোৱাৰ লগে লগে নিৰ্দিষ্ট এপটোত যাত্ৰা পথৰ দূৰত্ব অনুসৰি এটা নিৰ্দিষ্ট পৰিমাণৰ ধন দেখুৱালে যদিও ৰাইডৰজনে তেওঁৰ সৈতে ফোনত পুনৰ দৰ-দাম কৰে।

তেনে দৰ-দামৰ মাজেৰেই ৰাইডাৰজনে আহি যুৱতী সাংবাদিকগৰাকীৰ কাষত উপস্থিত হয় আৰু গন্তব্যস্থানলৈ যায়। যাত্ৰা পথতো এই বিতৰ্কৰ অন্ত নপৰিল। ৩৮ টকাৰ ঠাইত ৫০ টকা ভাড়া দাবী কৰি ৰাইডাৰগৰাকীয়ে যুৱতীগৰাকীক দুৰ্ব্যৱহাৰো কৰিবলৈ নেৰিলে।

আনকি এ আই ডি চিত উপস্থিত হোৱাৰ পিছত বিতৰ্কৰ মাজতে যুৱতীগৰাকীক প্ৰহাৰ কৰিবলৈও খেদি যোৱাৰ অভিযোগ উঠিছে। ৰাইডাৰগাৰীৰে যুৱতীগৰাকীৰ হোৱা বাক-বিতণ্ডা মোবাইল কেমেৰাতো বন্দী হৈছে। ৰাইডাৰগৰাকীয়ে যুৱতীগৰাকীৰ মোবাইলো ভাঙি পেলোৱাৰ ধমকি দিছে।

এনে গুৰুতৰ অভিযোগেৰে অভিযুক্ত উবেৰ ম’ট’ৰ ৰাইডাৰ প্ৰণৱ বনিয়াৰ বিৰুদ্ধে আৰক্ষীৰ কা চাপিছে যুৱতীসাংবাদিকগৰাকী।তেওঁ দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছে গোচৰ।কিন্তু এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই প্ৰণৱ বনিয়া।

এনে পৰিস্থিতিত এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় উবেৰ, অ’লা, ৰেপিড আদি টেক্সি, বাইক সেৱাসমূহ কিমান সুৰক্ষিত? ইতিমধ্যে এইসমূহৰ জৰিয়তে কিমান অপৰাধ সংঘটিত হৈছে বা উবেৰ, অ’লাৰ চালকে কিমান অপৰাধ সংঘটিত কৰিছে তাৰ হিচাপৰ তালিকাখন হয়তো বহু দীঘলীয়া হ’ব। ইমানৰ পিছতো কিন্তু আজিও পৰিবহন বিভাগে এইসকলৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।

উবেৰ, অ’লা, ৰেপিড’ আদিৰ চালকসকলে কোম্পানীয়ে তেওঁলোকৰ পৰা অধিক পৰিমাণে কমিচন আদায় কৰাৰ অজুহাতত যাত্ৰীৰ পৰা ১০০ৰ পৰা২০০ শতাংশ পৰ্যন্ত অধিক ভাড়া দাবী কৰি আহিছে। এইসকলে কেৱল কম ভাড়া দেখুৱালেই যে অতিৰিক্ত ভাড়া দাবী কৰে তেনেও নহয়। ভাড়াৰ পৰিমাণ যিমানেই অধিক হয় অতিৰিক্ত ধন দাবীৰ শতাংশও সিমাই অধিক হয়।

সাধাৰণ যাত্ৰীয়ে কিমানক, কিমানবাৰ এইদৰে অতিৰিক্ত ১০০, ২০০ শতাংশ ভাড়া আদায় দিব? এই দাবী যে যুক্তিসংগত নহয় সেই কথা বুজাবলৈ গলেই সংঘটিত হয় এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ। এনে প্ৰেক্ষাপটত অসম আৰক্ষী, পৰিবহন বিভাগে শীঘ্ৰেই কাৰ্যকৰী পন্থা হাতত নললে কিন্তু কেতিয়াবা যে ভয়ংকৰ বিপদ হ’ব সেয়া প্ৰায় নিশ্চিত।