গুৱাহাটী

গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফা নেতৃত্ব : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰণি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল ডেস্ক : শান্তি চুক্তি সম্পাদনৰ পিছতে নতুন দিল্লীৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হৈছে আলোচনাপন্থী আলফা নেতৃত্ব। ৩১ ডিচেম্বৰ দেওবাৰে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হৈছে অৰবিন্দ ৰাজখোৱা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী সমন্বিতে ১৬জনীয়া আলফা নেতৃত্ব।

বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা দলটোক আৰদণি জনায় সতীৰ্থই। আনহাতে বিমানবন্দৰত উপস্থিত হৈ অনুপ চেতিয়াই শান্তি চুক্তিৰ দ্বাৰা লাভান্বিত হোৱাৰ কথা দোহাৰে। জানিব পৰামতে বৰঝাৰৰ পৰা পোনে পোনে শান্তি চুক্তি স্বাক্ষৰকাৰী দলটোৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বুলি ৰাওনা হ'ব।

ইতিমধ্যে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্য্যসূচী। চুক্তি স্বাক্ষৰ কৰাৰ পাছত স্ব-ভূমিত উপস্থিত হোৱা আলফাৰ দলটোৰ বাবে এক প্ৰকাৰ আদৰণি তথা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।