গুৱাহাটী

লখৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰতিভাৱান ক্ৰিকেটাৰৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহানগৰীত সংঘটিত এক পথ দুৰ্ঘটনাই কাঢ়ি নিলে সম্ভাৱনাময় যুৱকৰ প্ৰাণ। মঙলবাৰে সন্ধিয়া লখৰা,ফৰেষ্ট গে'টৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰামতে উক্ত পথ দুৰ্ঘটনাত প্ৰতিভাৱান ক্ৰিকেটাৰ দীপাংকৰ ৰংপি নামৰ যুৱকজনে অকাল মৃত্যুক আঁকোৱালি লয়। ইয়াৰোপৰি গুৰুতৰভাৱে আহত হয় মটৰচাইকেল আৰোহী মণ্টু দাস নামৰ এজন যুৱক। মণ্টু দাসৰ ঘৰ ওডালবাক্ৰাত বুলি জানিব পৰা গৈছে।

সম্প্ৰতি আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে দুৰ্ঘটনা সন্দৰ্ভত এতিয়াও সম্পূৰ্ণ বিৱৰণ পোহৰলৈ অহা নাই।