বৰঝাৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ঃ দুদিনীয়া ভ্ৰমণেৰে আহিছে মেঘালয়লৈ... 
গুৱাহাটী

বৰঝাৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ঃ দুদিনীয়া ভ্ৰমণেৰে আহিছে মেঘালয়লৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়লৈ অহা দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় বুধবাৰে পুৱা আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়হি। এখন বিশেষ বিমানেৰে দিল্লীৰ পৰা অহা উপ-ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদৰণি জনায়।

উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ মুহূৰ্তত পাটোৱাৰীৰ সৈতে উপস্থিত আছিল অসমৰ মুখ্য সচিব ৰবি কোটা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া। বিমান বন্দৰতে উপ-ৰাষ্ট্ৰপতিগৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনাই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এই ভ্ৰমণত আহিছে তেওঁৰ পত্নী সুদেশ ধনখড়। বিমান বন্দৰৰ পৰা তেওঁ পোনে পোনে মেঘালয়লৈ ৰাওনা হয়। মেঘালয়ত তেওঁ বুধবাৰে বিয়লি মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰিব।  তাৰ পাছত তেওঁ মেঘালয় তথ্য প্ৰযুক্তি উদ্যান দৰ্শন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা আৰু আন মন্ত্ৰীসকলৰ সৈতে এক বৈঠকতো মিলিত হ’ব।

সন্ধিয়ালৈ এক সাংস্কৃতিক কাৰ্যসূচীত অংশ ল’ব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁৰ সন্মানাৰ্থে মেঘালয়ৰ ৰাজভৱনৰ দৰ্বাৰ হলত এক ভোজ মেলৰো আয়োজন কৰা হৈছে। ইফালে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সহধৰ্মীনিয়ে ৰাজ্যখনৰ কেইবাগৰাকীও আমন্ত্ৰিত পৰিবেশবিদৰ সৈতে আলাপত মিলিত হ’ব।

এই ভ্ৰমণত তেওঁ মেঘালয়ৰ পৰ্যটনৰ ক্ষেত্ৰখনত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা কেইবাটাও স্থান পৰিদৰ্শন কৰিব। তাৰ ভিতৰত আৰৱা কেভ, নহকালিকাই ফলছ, ছেভেন ছিষ্টাৰ ফলছো আছে। তাৰোপৰি তেওঁ আন কেইবাটাও নিৰ্ধাৰিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।