গুৱাহাটী

ৱালিউল ইছলামৰ বিৰুদ্ধে আছিল পূৰ্বেও শিশু, নাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাঃ ৱালিউল ইছলামসহ এগৰাকী বনকৰা মহিলা ।

বৃহস্পতিবাৰৰ দিনটোত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ পৰা পলন্টন বজাৰ আৰক্ষীয়ে তোলনীয়া কন্যা শিশুটিক চাইল্ড লাইনৰ হাতত গটাই দিয়ে ।

এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে শিশু সুৰক্ষা আয়োগে নিজাববীয়া এক গোচৰ তৰিছে । চিকিৎসক দম্পতীয়ে শিশুকেইটাক অবৈধভাৱে তুলি লোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে ।

শিশুটিৰ ক্ষেত্ৰত নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ লগ লগেই দম্পতীহালে শিশুকেইটা তুলি লোৱাৰ যাৱতীয় নথি-পত্ৰৰ তথ্য বিচাৰিছে আৰক্ষীয়ে ।

চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছিল । ২০১৭ চনত উত্থাপিত শিশু নিৰ্যাতনৰ অভিযোগ ।

এই লৈ শিশু সুৰক্ষা আয়োগত উপস্থিত হ’ব লগা হৈছিল অভিযুক্ত চিকিৎসকগৰাকী । ইয়াৰ উপৰিও ডাঃ ৱালিউৰ ইছলামৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক, মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছিল ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত আটক হোৱাৰ পিছতেই ডাঃ ৱালিউৰ ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা চলায় ।

লগে লগেই চিকিৎসকগৰাকীক জি এম চি এইচত ভৰ্তি কৰাই পল্টন বজাৰ আৰক্ষীয়ে । ইতিমধ্যেই অভিযুক্ত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই পলায়ন কৰাৰ খবৰ আহি পৰিছে ।