গুৱাহাটী

সাৱধান! মহানগৰীৰ ৩৬৬ টাকৈ স্থান স্পৰ্শকাতৰ হিচাপে চিনাক্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাৰিষা আৰম্ভ হোৱাৰ লগে লগেই মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলন হৈ বিস্তৰ ক্ষতিসাধন হোৱাৰ উপৰিও বহু লোকৰ প্ৰাণ হানি হোৱাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। শেহতীয়াকৈ গুৱাহাটীৰ প্ৰায় তিনিশতকৈও অধিক স্থানক বিপজ্জনক হিচাপে চিনাক্ত কৰা হৈছে ।

প্ৰশাসনে চিনাক্ত কৰা ভূমিস্খলন হ’ব পৰা বিপদজ্জনক স্থানসমূহ হৈছে ফটাশিল, ভঙাগড়, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলিপাৰা, কালাপাহাৰ, খাৰঘুলি, কইনাধৰা, মালিগাঁও, নৱগ্রহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি আদি । চুনছালিৰ ৭৭টাকৈ স্থান, খাৰঘূলিৰ ৩৭ টা স্থান, শৰণীয়াৰ ৫ স্থান, শান্তিপুৰৰ ২০টা স্থান বিপদজনক, নাৰেংগীৰ ৩১ টা স্থান, নুনমাটিৰ ৪০ টা স্থান, নৰকাসুৰৰ ১৪ টা স্থান, নৱগ্ৰহৰ ৬ টা স্থান, মালিগাঁৱৰ ৮ টা স্থান কইনাধৰা ৫ টা স্থান , খানাপাৰাৰ ৩৩ টা স্থান, কামাখ্যাৰ ৫ টা স্থান কালাপাহাৰৰ ৭ টা স্থান, কাহিলীপাৰাৰ ২৫ টা স্থান, জালুকবাৰীৰ ২টা স্থান, হেঙেৰাবাৰীৰ ৩০ টা স্থান, গোটানগৰৰ ৬ টা স্থান, গড়ভঙাৰ ৯ টা স্থান, ফটাশিলত ৫ টা স্থানকে ধৰি মুঠ ৩৬৬ টা স্পৰ্শকাতৰ স্থান চিনাক্ত কৰিছে ।

দুৰ্যোগ প্ৰশমন বিভাগে স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা আটাইকেইটা স্থানত বসবাস কৰি থকা লোকসকলক সেই স্থানৰ পৰা আতৰ কৰাই অন্য স্থানলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বৰ্তমানে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । উল্লেখিত স্পৰ্শকাতৰ অঞ্চলসমূহৰ পৰা আবাসীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ।