গুৱাহাটী

অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথৰ জন্মদিন উপলক্ষে ৱেব সন্মিলন সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়গাঁও : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা গৱেষণা গুৰু ডঃ প্ৰফুল্ল কুমাৰ নাথৰ জন্মদিনটো তুলনামূলক সাহিত্যৰ দিন হিচাপে পালন কৰা হয়। গৱেষণা মঞ্চ মণিকাঞ্চন আৰু সমায়নৰ উদ্যোগত শনিবাৰে অধ্যাপকগৰাকীৰ জন্মদিন পালন কৰা হয়।

এই উপলক্ষে সন্ধিয়া ৬ বজাৰ পৰা নিশা ৯ বজালৈ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত কৰা হয়। এই ৱেব সন্মিলনত 'নতুন শিক্ষা নীতি(২০২০)ত লোক সাহিত্য, সংস্কৃতি আৰু জনজাতীয় সমাজৰ প্ৰতিফলন' শীৰ্ষক বক্তৃতাত সমল ব্যক্তি হিচাবে বক্তব্য প্ৰদান কৰে ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয় নৃতত্ব আৰু জনজাতি অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপক ডঃ ৰবীন্দ্ৰনাথ শৰ্মাই।

ডঃ শৰ্মাই আগবঢ়োৱা তথ্য সমৃদ্ধ সাৱলীল ভাষণ প্ৰসংগত নতুন শিক্ষা নীতিয়ে লোক সাহিত্য, সংস্কৃতি আৰু জনজাতীয় সমাজ অধ্যয়নৰ পথ প্ৰশস্ত কৰিব তাৰ সুন্দৰ ব্যাখ্যা আগবঢ়ায়। গৱেষিকা প্ৰাৰ্থনা ভূঞাই আঁত ধৰা আৰু সৰস্বতী বন্দনা পৰিবেশন কৰা এই ৱেব সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে বেহেলা বাদনেৰে আপ্লুত কৰে অধ্যাপিকা ডঃ ৰুণজুণ শইকীয়াই।

এই সন্মিলনত ডঃ প্ৰফুল্ল কুমাৰ নাথৰ জন্মদিন উপলক্ষে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই এক বৌদ্ধিক আড্ডাত অংশগ্ৰহণ কৰে সমল ব্যক্তি ডঃ শৰ্মাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচাম, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা তথা বিশিষ্ট লেখিকা ডঃ জ্যোতিৰেখা হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ দীপামণি বৰুৱা দাস, অধ্যাপিকা ডঃ নিভাৰাণী ফুকন,ডঃ ভণিতা নাথ,ডঃ ছন্দমিতা দাস,ডঃ বৰ্ণালী ডেকা, সংযুক্তা বৰুৱা, ঋতুপৰ্ণা বুঢ়াগোহাঁই,পূণ্যশ্ৰী বেজবৰুৱাকে ধৰি বহু সংখ্যক অধ্যাপক আৰু গৱেষকে বক্তব্য আগবঢ়ায়।

ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাই সমল ব্যক্তিৰ পৰিচয় আৰু শলাগৰ শৰাই আগবঢ়ায়। এই ৱেব সন্মিলনৰ আড্ডাত সকলোৱে সমন্বিত প্ৰচেষ্টাত সাহিত্য, সংস্কৃতি আৰু ভাষা বিষয়ক গৱেষণাধৰ্মী কাম কাজবোৰ আগুৱাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৱেব সন্মিলনতে ডঃ ৰুণজুণ শইকীয়া আৰু ডঃ ছন্দমিতা দাস সম্পাদিত' নিৰ্বাচিত আধুনিক কবিতাৰ সমীক্ষা ' আৰু ডঃ বৰ্ণালী ডেকা আৰু প্ৰদীপ দলে সম্পাদিত ' অসমীয়া সংস্কৃতিৰ বৈচিত্ৰ্য ' নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে অধ্যাপক ডঃ প্ৰফুল্ল কুমাৰ নাথে। নিজৰ জন্মদিন উপলক্ষে দিয়া ভাষণ প্ৰসংগত অধ্যাপক ডঃ নাথে তেওঁৰ ছাত্ৰ -ছাত্ৰীসকলে এনেদৰে তেওঁৰ জন্মদিন উদযাপন কৰাত অভিভূত হৈ পৰাৰ লগতে একত্ৰিত প্ৰচেষ্টাত গৱেষণাধৰ্মী কামবোৰ আগুৱাই নিয়াৰ বাবে সকলোকে আহ্বান জনায়। প্ৰায় ৯০ গৰাকীৰো অধিক অধ্যাপক-অধ্যাপিকা আৰু গৱেষক-গৱেষিকাই এই ৱেব সন্মিলনত অংশগ্ৰহণ কৰে।