স্বাস্থ্য

Alzheimer Disease: ভয়াৱহ ৰূপ লৈছে আলঝেইমাৰ ৰোগে

asomiyapratidin

ডিজিটেল ডেস্ক: আলঝেইমাৰ, এটা ভয়াৱহ ৰোগ। এই ৰোগত আক্ৰান্ত হৈ এজন ব্যক্তিয়ে মুহুৰ্ততে সকলো পাহৰি ভয়ংকৰ বিপদত পৰিব পাৰে।এই ৰোগ সাধাৰণতে বৃদ্ধ বয়সতহে হৈছিল যদিও এতিয়া বহু কম বয়সৰ লোকেও এই ৰোগত আক্ৰান্ত হবলৈ ধৰিছে।শেহতীয়াকৈ চীনত  এজন ১৯ বছৰীয়া যুৱকে ১৭ বছৰ বয়সৰ পৰা পাহৰি যোৱাৰ সমস্যাত ভূগিছিল।পৰীক্ষা কৰাৰ পিছত দেখা গৈছিল যে তেওঁৰ ডিমেনচিয়া আছে। এই তথ্যটো শেহতীয়াকৈ জাৰ্নেল অফ আলঝেইমাৰ ডিজিজত প্ৰকাশিত। কেইবাটাও পৰীক্ষাৰ পিছত বেইজিংৰ কেপিটেল মেডিকেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কিশোৰজনৰ "সম্ভাৱ্য" আলঝেইমাৰ ৰোগ ধৰা পেলাইছিল।

আলঝেইমাৰৰ লক্ষণ

আলঝেইমাৰৰ সঠিক কাৰণবোৰ এতিয়াও বহুপৰিমাণে অজ্ঞাত। ৰোগটোৰ এটা ধ্ৰুপদী বৈশিষ্ট্য হৈছে মগজুত বিটা-এমাইলইড আৰু টাউ নামৰ দুটা প্ৰ'টিন জমা হোৱা। আলঝেইমাৰ ৰোগত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত বিটা-এমাইলইড সাধাৰণতে নিউৰনৰ বাহিৰত (মস্তিষ্কৰ কোষ) বৃহৎ পৰিমাণত পোৱা যায় আৰু এক্সনৰ ভিতৰত টাউৰ "গোট" পোৱা যায়।

স্মৃতিভ্ৰমৰ লক্ষণ

- কথা মনত নথকা।

- স্বাভাৱিক কাম-কাজত অসুবিধা।

- সময় আৰু স্থানত বৈষম্য।

-  বস্তুবোৰ ভুল ঠাইত ৰখা।

- স্বভাৱৰ পৰিৱৰ্তন।

- অত্যাধিক টোপনি।

এই ৰোগ কিয় হয়

মগজু কম ব্যৱহাৰ কৰা লোকসকলৰ আলঝেইমাৰ ৰোগ হয়। যদিও ই এক বংশগত ৰোগ, কিন্তু মস্তিষ্কৰ আঘাতো ইয়াৰ এক মুখ্য কাৰণ। আলঝেইমাৰ ৰোগৰ ক্ষেত্ৰত চীন বিশ্বৰ ভিতৰত প্ৰথম আৰু ভাৰত দ্বিতীয় স্থানত আছে।

নিজৰ যত্ন কিদৰে ল'ব

- দৈনিক আহাৰত পাচলি আৰু ফল আদি অন্তৰ্ভুক্ত কৰিব।

- প্ৰতিদিনে প্ৰায় ৩০ মিনিটৰ বাবে নিয়মীয়াকৈ ব্যায়াম কৰিব।

- কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ৰক্তচাপ আৰু ৰক্ত শৰ্কৰাৰ ওপৰত নজৰ ৰাখিব।

-  মেমৰি সম্পৰ্কীয় গেম যেনে পাজল, ক্ৰছৱৰ্ড খেলিব।

- খং কৰাৰ পৰা আঁতৰি থাকক, নিজকে সুখী কৰক আৰু আনকো সুখী ৰাখক।