স্বাস্থ্য

ৰাতিপুৱাৰ পৰা ৰাতিলৈ এইদৰে লওঁক খাদ্যৰ যতন

Asomiya Pratidin

ডিজিটেল ডেস্ক: আজিকালি শিশুসকলৰ ওপৰত শিক্ষাৰ যথেষ্ট বোজা পৰে।প্ৰতিযোগিতামূলক  দিন-কালৰ অজুহাততেই স্কুলেই হওঁক বা টিউচনেই হওঁক, তেওঁলোকক পৰীক্ষাত ভাল নম্বৰ পাবলৈ একপ্ৰকাৰ হেঁচা প্ৰয়োগ কৰা হয়।যিয়ে তেওঁলোকৰ স্বাস্থ্যত যথেষ্ট বেয়া প্ৰভাৱ পেলায়। অধিক নম্বৰ পোৱাৰ বাবেই তেওঁলোকে ভালদৰে অধ্যয়ন কৰে ঠিকেই, কিন্তু খাদ্য আৰু পানীয়ৰ প্ৰতি একেবাৰে মনোযোগ দিব নোৱাৰে। যাৰ ফলত তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য প্ৰভাৱিত হয়। শিশুৱে খোৱা খাদ্যই তেওঁলোকৰ জ্ঞানীয় কাৰ্য, শক্তিৰ স্তৰ আৰু সামগ্ৰিক স্বাস্থ্য প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত, পিতৃ-মাতৃসকলে শিশুৰ আহাৰৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। বিশেষকৈ যেতিয়া শিশুৰ পৰীক্ষাৰ সময় আহে, তেওঁলোকৰ আহাৰত পুষ্টিসমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুুৰী হৈ পৰে।পৰীক্ষাৰ সময়ছোৱাত তথা আগতে শিশুক কেনে ধৰণৰ আহাৰ দিব লাগে, আজি জানো আহক-

ৰাতিপুৱাৰ আহাৰ  

যদি শিশুৰ দিনটো ভালদৰে আৰম্ভ হয়, তেন্তে তেওঁলোকৰ মনটোও গোটেই দিনটো সক্ৰিয় থাকিব।সেয়েহে শিশুসকলক ৰাতিপুৱা সদায়েই স্বাস্থ্যকৰ আহাৰ খুৱাব লাগে। তেওঁলোকৰ আহাৰত যাতে পৰ্যাপ্ত পৰিমাণৰ প্ৰ'টিন, আঁহ আৰু ভিটামিন অন্তৰ্ভুক্ত থাকে, সেই ক্ষেত্ৰত অভিভাৱকসকল সৰ্তক হোৱাটো দৰকাৰ।সঠিক পুষ্টিৰ বাবে তেওঁলোকক ৰাতিপুৱাৰ আহাৰত চীজ, টফু আৰু কণী খুৱাব পাৰে।পুৰী,পৰঠা আদিৰ সলনি তেওঁলোকক ঘৰুৱা জলপান, পিঠা, ইডলি বা স্বাস্থ্যকৰ পাচলি আদি দিব।

মিড ব্ৰেকফাষ্ট

ৰাতিপুৱাৰ আহাৰৰ পিছত দুপৰীয়াৰ খাদ্যত যথেষ্ট ব্যৱধান থাকে। এনে পৰিস্থিতিত, শিশুসকলক ৰাতিপুৱাৰ আহাৰৰ মাজভাগত স্বাস্থ্যকৰ খাদ্য খুৱাব। অন্যথা দুপৰীয়াৰ আহাৰৰ সময়ত তেওঁলোকৰ ভোক লাগিব আৰু এই সময়ছোৱাত তেওঁলোকে কিছুমান অস্বাস্থ্যকৰ বস্তু খাব পাৰে। ৰাতিপুৱাৰ আহাৰৰ পাছত আপুনি শিশুসকলক চুপ, ৰস, স্মুথি বা যিকোনো ফল খুৱাব পাৰে। 

দুপৰীয়াৰ আহাৰ 

আপুনি শিশুসকলক দুপৰীয়াৰ আহাৰত সম্পূৰ্ণ আহাৰ খুৱাব লাগে। তেওঁলোকক দৈনিক দাইল, পাচলি, ৰুটি, চাউল আৰু দৈ দিবলৈ চেষ্টা কৰিব। ইয়াৰ বাহিৰেও, শাক, ব্ৰকলি, চীজ, চয়াবীনক পাচলি হিচাপে শিশুৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব।

স্নেক্স 

দুপৰীয়া আহাৰ খোৱাৰ পাছত সন্ধিয়া শিশুসকলে পুনৰ ভোক অনুভৱ কৰে। সন্ধিয়াৰ সময়ছোৱাত আপুনি তেওঁলোকক জলপান হিচাপে মাখনা, ভজা বুট, ফল বা কিছুমান বীজ যেনে সূৰ্যমুখী ফুল, ৰঙালাওৰ গুটি আদি দিব পাৰে। এই সকলোবোৰ বস্তু পুষ্টিৰে সমৃদ্ধ। আপুনি এই সময়ছোৱাত তেওঁলোকক গাখীৰ, লচ্চী বা বাটাৰমিল্কও দিব পাৰে।

ৰাতিৰ আহাৰ 

ৰাতি শিশুসকলক সদায়েই পাতল আহাৰ দিব লাগে।ৰাতি তেওঁলোকক আপুনি দালি-ভাত, খিচিৰি, দালিয়া আদি খুৱাব পাৰে। এই সকলোবোৰ অতি স্বাস্থ্যকৰ।ৰাতি পাতল আহাৰ খালে তেওঁলোকৰ হজম ভাল হ'ব।যাৰ বাবে শৰীৰটো সুস্থ হৈ থাকিব।