স্বাস্থ্য

আপুনি মাত্ৰ তিনিটা দিশত সচেতন হওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে ক্ৰমাণ্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মেদবহুলতাৰ সমস্যাই।মেদবহুলতাই আমাৰ ৰূপ নষ্ট কৰাৰ লগতে ই বহু গুৰুতৰ ৰোগৰো কাৰক।বিশেষকৈ আজিকালি ওলমি অহা পেটটোৰ বাবে বহু লোকেই সমস্যাত পৰিছে। সেয়েহে, ইয়াক সঠিক সময়ত নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে আপোনাৰ ৰাতিপুৱাৰ ৰুটিনত বিশেষ যত্ন ল'ব লাগিব।আজি এই বিষয়ে জানো আহক-

মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপোনাৰ আহাৰৰ প্ৰতি সচেতন হ’ব লাগিব। ৰাতিপুৱাৰ আহাৰত সদায় আঁহ, ভিটামিন আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব। আনহাতে, মেদবহুলতা নিয়ন্ত্ৰণ কৰিবলৈ ৰাতিপুৱাৰ আহাৰ কেতিয়াও গ্ৰহণ নকৰাকৈ নাথাকিব।অন্যথা আপোনাৰ বিপাক ক্ৰিয়া লেহেম হ'ব পাৰে। ৰাতিপুৱা সদায় ব্যায়াম কৰিব। তদুপৰি, ৰাতিপুৱা কমেও ৪০ মিনিট খোজ কাঢ়িব।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আহাৰ আৰু ব্যায়ামৰ লগতে আপুনি প্ৰতিদিনে কুহুমীয়া পানীৰে আপোনাৰ দিনটো আৰম্ভ কৰিব। অৰ্থাৎ, ৰাতিপুৱা কুহুমীয়া পানী, স্বাস্থ্যকৰ-সন্তুলিত আহাৰ গ্ৰহণ আৰু ব্যায়াম কৰি আপুনি আপোনাৰ মেদবহুলতাৰ সমস্যা দূৰ কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে, যদি এই নিয়ম ভংগ নকৰে, আপুনি একৰ পৰা চাৰি সপ্তাহৰ ভিতৰতে ইতিবাচক ফলাফল লাভ কৰিব।