স্বাস্থ্য

চাহৰ সৈতে এইসমূহ খোৱাটো বিহ খোৱাৰ দৰে একেই

Asomiya Pratidin

ডিজিটেল ডেস্ক: অধিকাংশ লোকেই একাপ চাহ খাইহে তেওঁলোকৰ দিনটো আৰম্ভ কৰে।এই চাহ কাপ খোৱাৰ পিছত তেওঁলোকে সতেজ অনুভৱ কৰে আৰু কাম কৰিবলৈ ক্ষিপ্ৰতা লাভ কৰে।চাহৰ সৈতে কিবা খোৱাটোও আকৌ একাংশৰ অভ্যাস।কিন্তু চাহৰ সৈতে কিছুমান খাদ্য খোৱাটো বিহ খোৱাতকৈ কোনোগুণে কম নহয়।চাহৰ সৈতে কি কি খাদ্য খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, আজি জানো আহক-

বাদাম আৰু শুকান ফল

বিশেষজ্ঞসকলৰ মতে, আইৰণ সমৃদ্ধ বস্তুবোৰ চাহৰ সৈতে খাব নালাগে। শুকান ফল যেনে কাজু বাদাম, কাঠবাদাম, চিনাবাদাম আৰু কিচমিচ চাহৰ সৈতে কেতিয়াও খাব নালাগে। চাহৰ সৈতে এইসমূহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

বেচন

বহুলোকে বেচনৰে তৈয়াৰ কৰা খাদ্য সামগ্ৰী যেনে ভুজিয়া, পকৰি আদি চাহৰ সৈতে খাবলৈ ভাল পায়। কিন্তু বিশেষজ্ঞসকলৰ মতে, বেচনৰ পৰা তৈয়াৰ কৰা খাদ্য চাহৰ সৈতে বহুপ্ৰকাৰৰ স্বাস্থ্য সমস্যা হ'ব পাৰে।

হালধি

চাহপাত আৰু হালধি কেতিয়াও একেলগে খাব নালাগে। চাহৰ সৈতে হালধি থকা খাদ্য খালে পাকস্থলীত গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা হ'ব পাৰে।

নেমু

শৰীৰটো সুস্থ ৰাখিবলৈ প্ৰায়ে নেমু চাহ খাবলৈ পৰামৰ্শ দিয়া হয়। কিছুমান মানুহে বিশ্বাস কৰে যে নেমু চাহ খোৱাটোৱে ওজন হ্ৰাস কৰাত আৰু মেদবহুলতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, চাহ পাতত নেমুৰ ৰস মিহলি কৰিলে শৰীৰত ফুলা সমস্যা হ'ব পাৰে। যদি ৰাতিপুৱা খালী পেটত নেমু চাহ পান কৰা হয়, ই ৰিফ্লাক্স আৰু বুকু জ্বলাৰ সমস্যাও সৃষ্টি কৰিব পাৰে।

আইৰণ সমৃদ্ধ পাচলি

চাহৰ সৈতে আইৰণ সমৃদ্ধ পাচলি গ্ৰহণ নকৰা উচিত। চাহত টেনিন আৰু অক্সালেট থাকে, যিয়ে আইৰণ শোষণ হোৱা প্ৰতিহত কৰে। সেয়েহে, চাহৰ সৈতে আইৰণ সমৃদ্ধ বস্তু নাখাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।