স্বাস্থ্য

‘হাইড্ৰেটেড’ হৈ থাকিবলৈ খাওঁক এই ৫ বিধ ফল

asomiyapratidin

ডিজিটেল ডেস্ক পানী প্ৰাণীৰ প্ৰাণ।ই নিশ্চিতভাৱে জীৱনৰ অমৃত।কিন্তু এই সকলোবোৰ জ্ঞাত হোৱাৰ পাছতো আমি পৰ্যাপ্ত পানী খাবলৈ অৱহেলা কৰো।ফলস্বৰুপে ‘হাইড্ৰেচন’ৰ অভাৱত মুৰৰ বিষ, ভাগৰ, নিম্ন ৰক্তচাপ, ছালৰ উদ্বেগকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে।এক ‘হাইড্ৰেটেড’ শৰীৰে সকলো অঙ্গক সঠিকভাৱে কাম কৰাত সহায় কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ মুকলি কৰাত সহায় কৰে। সেয়েহে, পৰ্যাপ্ত পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

আনহাতে, আপুনি যদি পানী খাবলৈ এলাহ কৰে, তেন্তে আমি আপোনাক এক বিকল্প দিব পাৰো।হয়, পানীৰ বিপৰীতে আপুনি ফলৰ জৰিয়তে শৰীৰটোক পৰ্যাপ্ত পানী যোগান ধৰিব পাৰে।এনে কিছুমান ফল আছে য'ত পানীৰ পৰিমাণ অধিক থাকে।এনে কেইবিধমান ফল হৈছে-

আপেল

আপেলত প্ৰায় ৮৬ শতাংশ পানী থাকে। সেয়েহে আপোনাৰ শৰীৰটোক পৰ্যাপ্ত পানী যোগান ধৰিবলৈ আপেল এটা অতি উৎকৃষ্ট ফল। আপেল কেৱল সুস্বাদুয়েই নহয়, ইয়াক নিয়মীয়াকৈ খালে হৃদযন্ত্ৰৰ স্বাস্থ্য, ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰিত হৈ থাকে।

তৰমুজ

তৰমুজ হৈছে আটাইতকৈ জনপ্ৰিয় হাইড্ৰেটিং ফল। ইয়াত ৯৬ শতাংশ পানী থাকে। সেয়েহে তৰমুজক তৃষ্ণা নিবাৰণৰ বাবে গ্ৰীষ্মকালত খোৱা এক প্ৰিয় ফল হিচাপে গণ্য কৰা হয়। ইয়াত যথেষ্ট পৰিমাণে পানী থকাৰ উপৰিও ভিটামিন এ আৰু চি থাকে যি শৰীৰৰ বাবে অত্যাৱশ্যকীয় ভিটামিন।তদুপৰি, তৰমুজত কেলৰি কম থাকে বাবে ওজন হ্ৰাস কৰাটো ই সহায়ক হয়। 

অমিতা

৮৮ শতাংশ পানী থকা অমিতা হৈছে শৰীৰৰ বাবে পানীৰ আন এক উৎকৃষ্ট উৎস।অমিতা ভিটামিন চি, এ, ই আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ।অমিতাই হৃদযন্ত্ৰৰ স্বাস্থ্য যথেষ্ট উন্নত কৰাৰ লগতে প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু হজমত সহায় কৰে।

কমলা

শৰীৰটোক পানী যোগানৰ বাবে কমলা হৈছে এক উৎকৃষ্ট ফল।ই ভিটামিন চি আৰু পটাছিয়ামৰ এক অতি শক্তিশালী উৎস।কমলাই পৰিষ্কাৰ আৰু উজ্জ্বল ছাল লাভ কৰাত সহায় কৰে।সেয়ে দিনত সদায়ে অতি কমেও এটাকৈ কমলা খোৱাৰ অভ্যাস কৰক।

ষ্ট্ৰবেৰী

ষ্ট্ৰবেৰীত ৯১ পানী থাকে। এই সুস্বাদু ফলৰ একাধিক স্বাস্থ্য উপকাৰিতা আছে। ষ্ট্ৰবেৰীত আঁহ, মেঙ্গানিজ, ভিটামিন চি আৰু ফলেট থাকে যি স্বাস্থ্যৱান শৰীৰৰ বাবে উপকাৰী। যিহেতু ষ্ট্ৰবেৰীত আঁহ বেছি থাকে সেয়েহে ই হজমতো সহায় কৰে। ই প্ৰদাহ প্ৰতিৰোধ কৰে যি আপোনাক হৃদযন্ত্ৰৰ বিপদাশংকাৰ পৰা অধিক সুৰক্ষিত কৰিব পাৰে।