স্বাস্থ্য

দেশজুৰি ভয়াৱহ ৰূপ লৈছে ‘আই ফ্লু’য়ে, অভিভাৱকসকল সৰ্তক হওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: সম্প্ৰতি দেশজুৰি কঞ্জাক্টিভাইটিছ অৰ্থাৎ পিংক আই বা আই ফ্লুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ ফলত এই সংক্ৰমণ যথেষ্ট বিয়পি পৰিছে। একে সময়তে, আই ফ্লু সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ মাজত অতি দ্ৰুততাৰে সংক্ৰমিত হৈছে। যাৰ বাবে অভিভাৱকসকল চিন্তিত হৈ পৰিছে। আই ফ্লুৰ পৰা কিদৰে আপোনাৰ সন্তানক বচাই ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-

ব্যক্তিগত সামগ্ৰীৰ ভাগ-বতৰা কৰিবলৈ নিদিব

শিশুসকলক কওঁক যে তেওঁলোকে যাতে তেওঁলোকৰ কোনো ব্যক্তিগত সামগ্ৰী কাৰো সৈতে ভাগ বতৰা নকৰে।বিশেষকৈ নেপকিন বা ৰুমাল। কোনো বন্ধু সংক্ৰমিত হ'লে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ দিব। 

হাত পৰিস্কৰ কৰি ৰাখিবলৈ দিব 

ইয়াৰ উপৰিও শিশুটোক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ তেওঁলোকক পৰিস্কাৰ পৰিচ্ছন্নতাৰ যত্ন ল'ব। যদি তেওঁলোক বাহিৰৰ পৰা আহে, প্ৰথমে হাত ধুবলৈ দিব।ইয়াৰ বাহিৰেও তেওঁলোকক সময়ে সময়ে হাত চেনিটাইজ কৰিবলৈ ক’ব। 

স্বাস্থ্যকৰ খাদ্য খাবলৈ দিব

শিশুটোক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ সদায় ভাল আহাৰ দিয়াটোও গুৰুত্বপূৰ্ণ। আপুনি তেওঁলোকক ফল-মূল, সেউজীয়া পাচলি আৰু প্ৰ'টিন জাতীয় খাদ্য বেছিকৈ খাবলৈ দিব। কিয়নো স্বাস্থ্যকৰ খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

খেলিবলৈ বাহিৰলৈ যাবলৈ নিদিব

তদুপৰি, বৰ্ধিত সংক্ৰমণৰ দিনত শিশুটোক অত্যাধিক বাহিৰলৈ ওলাবলৈ নিদিব।বাহিৰত খেলি-ধূলি থাকিলে সংক্ৰমণ অধিক বিয়পাৰ সম্ভাৱনা থাকে।

চকু দুটা স্পৰ্শ কৰিবলৈ নিদিব 

সন্তানক তেওঁলোকৰ চকু দুটা বাবে বাৰে স্পৰ্শ কৰিবলৈ নিদিব। যদি তেওঁলোকে স্কুলৰ পৰা আহিছে আৰু তেওঁলোকে চকু স্পৰ্শ কৰিছে, ই তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। হাতত থকা বেক্টেৰিয়া আৰু বীজাণু শিশুটোৰ সংস্পৰ্শলৈ আহিব পাৰে আৰু তেওঁলোকৰ ক্ষতি কৰিব পাৰে।

আই ফ্লুৰ লক্ষণ- 

. চকুত খজুৱতি, তীব্ৰ জ্বলা-পোৰা।  

. চকুপানী ওলাই থকা।

. চকু ৰঙা হৈ যোৱা। 

. জ্বৰ হোৱা।

. চকু ফুলা। 

যদি এই লক্ষণৰ যিকোনো এটাও আপোনাৰ সন্তানৰ গাত দেখা দিয়ে, লগে লগে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যাব।আই ফ্লুৰ সময়ত শিশুটোক বিদ্যালয়লৈ নপঠিয়াব।