স্বাস্থ্য

দৃষ্টিশক্তি বৃদ্ধিৰ বাবে এইসমূহ খাদ্য খাওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: চকুক আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ বুলি বিবেচনা কৰা হয়। চকুৰ অবিহনে কোনেও পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰে।সেয়েহে, চকু দুটাৰ যত্ন লোৱাটো আমাৰ অন্যতম প্ৰধান দায়িত্ব।লেপটপ, ম'বাইল তথা টি ভি স্ক্ৰীণত দীঘলীয়া সময় অতিবাহিত কৰাৰ বাবে আমাৰ দৃষ্টিশক্তি দুৰ্বল হ'বলৈ আৰম্ভ কৰে।পূৰ্বে কেৱল বৃদ্ধ লোকৰহে দৃষ্টিশক্তিৰ সমস্যা হৈছিল। কিন্তু আজিকালি খুব কম বয়সতে ডাঙৰ ডাঙৰ চশমা পিন্ধিবলগীয়া হয়। কিছুমান লোকৰ দৃষ্টিশক্তি ইমানেই দুৰ্বল হৈ পৰে যে তেওঁলোকে চশমা অবিহনে একো দেখা নাপায়। এনে পৰিস্থিতিত, আপুনি কেইবিধমান ৰস খাই আপোনাৰ দৃষ্টিশক্তি উন্নত কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

গাজৰৰ ৰস 

গাজৰ চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত পোৱা ভিটামিন-এ, বিটা কেৰোটিনে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।সেয়েহে আপোনাৰ দৃষ্টিশক্তি উন্নত কৰিবলৈ  আপুনি আপোনাৰ আহাৰত গাজৰৰ পৰা তৈয়াৰ কৰা ৰস অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াক সেৱন কৰিলে নিশাৰ অন্ধত্বৰ আশংকাও হ্ৰাস হয়।

বিলাহীৰ ৰস 

পাচলি হিচাপে ব্যৱহৃত বিলাহীও স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত। ইয়াত ভিটামিন-এ যথেষ্ট পৰিমাণত থাকে, যি দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। এই ৰস নিয়মীয়াকৈ গ্ৰহণ কৰি আপুনি আপোনাৰ দৃষ্টিশক্তি শক্তিশালী কৰিব পাৰে।

পালেং শাকৰ ৰস 

চকু স্বাস্থ্যৱান কৰিবলৈ পালেং শাক খোৱাটোও যথেষ্ট উপকাৰী। ইয়াত এনে বহু পুষ্টি থাকে, যিয়ে চকু স্বাস্থ্যৱান কৰাত সহায় কৰে। পালেং শাকে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।সেয়েহে আপুনি পালেং শাকৰ পৰা তৈয়াৰ কৰা ৰস আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। 

ব্ৰকলীৰ ৰস 

চকুকে ধৰি সমগ্ৰ স্বাস্থ্যৰ বাবে ব্ৰকলী খোৱাটো খুবেই ভাল।বিশেষকৈ দৃষ্টিশক্তি বৃদ্ধি ৰ বাবে, ই আশীৰ্বাদতকৈ কম নহয়। ইয়াৰ পৰা তৈয়াৰ কৰা ৰস খালে আপোনাৰ চকুৰ লগতে ৰেটিনাও স্বাস্থ্যৱান হৈ থাকে।

মিঠা আলুৰ ৰস

মিঠা আলু খোৱাটোও চকুৰ বাবে যথেষ্ট উপকাৰী।ইয়াৰ পৰা প্ৰস্তুত কৰা ৰস সেৱনে দৃষ্টিশক্তি বৃদ্ধি কৰে। ইয়াত ভিটামিন-এ, আঁহ, আইৰণৰ দৰে বহুতো পুষ্টি থাকে, যি দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। আপুনি ইয়াক উতলাইও খাব পাৰে।