স্বাস্থ্য

গৰ্ভস্থ শিশুৰ বিকাশত ৰঙালাওয়ে পালন কৰে গুৰুতৰ ভুমিকা

Asomiya Pratidin

ডিজিটেল ডেস্ক: সকলোৱে খাই ভাল নাপালেও ৰঙালাও আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ৰঙালাওত প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, আইৰণ, আঁহকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়।ৰঙালাও খাই আমি বহুতো ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰো। বিশেষকৈ গৰ্ভধাৰণৰ সময়ত ৰঙালাও খোৱাটো মহিলাসকলৰ বাবে খুব উপকাৰী।গৰ্ভধাৰণৰ সময়ত ৰঙালাও খোৱাৰ উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে 

গৰ্ভৱতী মহিলাৰ হৃদযন্ত্ৰৰ বাবে ৰঙালাও অতি উপকাৰী। ইয়াত পোৱা পটাছিয়ামৰ গুণাগুণে গৰ্ভৱতী মহিলাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। কেৱল এয়াই নহয়, ই হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগবোৰ আঁতৰ কৰাতো যথেষ্ট সহায়ক। 

সন্তানৰ চকুৰ বাবে উপকাৰী 

গৰ্ভস্থ শিশুৰ চকুৰ বাবেও ৰঙালাও যথেষ্ট উপকাৰী। ৰঙালাওত বিটা-কেৰোটিন নামৰ পুষ্টি থাকে, যিয়ে মাতৃ আৰু শিশুৰ দৃষ্টিশক্তি বৃদ্ধি কৰা তথা তেওঁলোকৰ চকু স্বাস্থ্যৱান কৰি ৰাখে। 

কোষ্ঠকাঠিন্যৰ পৰা সকাহ 

গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ প্ৰায়ে কোষ্ঠকাঠিন্যৰ সমস্যা হয়। এনে পৰিস্থিতিত, ৰঙালাও তেওঁলোকৰ বাবে অতি উপকাৰী। ৰঙালাওত পৰ্যাপ্ত আঁহৰ থাকে, যি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। ৰঙালাও খালে গৰ্ভৱতী মহিলাৰ পাচন তন্ত্ৰও উন্নত হয়। 

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা 

গৰ্ভধাৰণৰ সময়ত বহুপ্ৰকাৰৰ হৰমনৰ পৰিৱৰ্তন হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত, গৰ্ভৱতী মহিলাসকলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ ৰঙালাও খোৱাটো খুবেই জৰুৰী।