স্বাস্থ্য

মূৰৰ বিষৰ কাৰণ জানি লৈ সাৱধান হওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: দীঘলীয়া সময়ৰ বাবে টিভি, ম'বাইল, কম্পিউটাৰৰ সন্মুখত বহি থাকিলে সাধাৰণতে মুৰটো বিষাবলৈ আৰম্ভ কৰে।বহুসময়ত এই বিষ কিছু সময়ৰ পিছত ভাল হ'লেও আন কেতিয়াবা আকৌ এই বিষ দীঘলীয়া সময়ৰ বাবে থাকে। ইয়াৰ বাহিৰেও, কেতিয়াবা মূৰৰ সন্মুখৰ অংশত যথেষ্ট বিষ হয়, যাক কোনো কাৰণতে সহ্য কৰিব নোৱাৰি। মূৰৰ সন্মুখৰ অংশত বিষ হোৱাৰ কাৰণ কি, সেই বিষয়ে জানো আহক-

সংক্ৰমণৰ কাৰণ 

যদি আপোনাৰ শৰীৰত সংক্ৰমণ হয়, ই মূৰৰ সন্মুখৰ অংশত বিষ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, চাইনাছ সংক্ৰমণৰ ফলত এজন ব্যক্তিৰ মূৰ তথা মুখমণ্ডলত বিষ হয়। ইয়াৰ উপৰিও চৰ্দি আৰু কাহৰ ফলতো মূৰৰ সন্মুখৰ অংশত বিষ হয়। 

মাইগ্ৰেইন 

মূৰৰ সন্মুখৰ বিষ মাইগ্ৰেইন আৰু অত্যাধিক চিন্তাৰ বাবেও হ'ব পাৰে। ইয়াৰ বাহিৰেও যদি আপোনাৰ কপালত বেছিকৈ বিষ হয় তেনেহ'লে ই আন এটা ৰোগৰ লক্ষণো হ'ব পাৰে। 

ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব ?

সংক্ৰমণ আৰু মাইগ্ৰেনৰ বিষ পৰিহাৰ কৰিবলৈ আপুনি ভালদৰে চিকিৎসা কৰক। যদি সমস্যাটো বাঢ়ি গৈ থাকে, তেন্তে সময়মতে সকলো ঔষধ গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপুনি বিষৰ পৰা কিছু সকাহ পাব পাৰে। 

হৰমনৰ পৰিৱৰ্তন

শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ ফলত বিভিন্ন প্ৰকাৰৰ বিষ হয়। মূৰৰ বিষো ইয়াৰ ভিতৰত অন্যতম। বিশেষকৈ যেতিয়া আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তন হয় বা আপুনি শাৰীৰিক সমস্যাৰ মাজেৰে গৈ থাকে তেতিয়া এই বিষ বৃদ্ধি হ'ব পাৰে। 

কেনেদৰে সুৰক্ষা দিব?

বয়সৰ সৈতে শৰীৰৰ হৰমন সলনি হয়, এয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া। সেয়েহে আপুনি জীৱনশৈলীত স্বাস্থ্যকৰ অভ্যাস অন্তৰ্ভুক্ত কৰিব। এনেদৰে আপুনি বিষৰ পৰা সকাহ পাব পাৰে। 

চকুত বিষ 

দীঘলীয়া সময়ৰ বাবে স্ক্ৰীণত দৃষ্টি নিক্ষেপ কৰাৰ বাবেও মূৰৰ বিষ হয়। ই আপোনাৰ চকুৰ ওপৰত চাপ পেলায় আৰু চকুৰ ওপৰত অত্যাধিক চাপৰ বাবে মূৰৰ সন্মুখৰ অংশত বিষ হ'ব পাৰে।

কেনেদৰে সুৰক্ষা দিব?

দীঘলীয়া সময়ৰ বাবে কাম নকৰিব। যদি প্ৰয়োজন হয়, মাজত জিৰণি ল'ব। লগতে, কম্পিউটাৰ বা ফোনত অত্যাধিক সময় ব্যয় নকৰিব। চকুত পানী ছটিয়াই থাকক, ই চকুক সকাহ দিব।