স্বাস্থ্য

আঙুলিৰ এই সংকেতবোৰ উপেক্ষা নকৰিব

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে আজিকালি বহু ৰোগৰ আশংকা বৃদ্ধি পাইছে।এনে এক ভয়াৱহ সমস্যা হৈছে উচ্চ কলেষ্টেৰলৰ সমস্যা। যদি শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়, তেতিয়া শৰীৰৰ ধমনীবোৰ ব্লক হৈ শৰীৰৰ গুৰুতৰ সমস্যা হ'ব পাৰে। কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হ'লে শৰীৰে কেতবোৰ সংকেত দিয়ে, এই লক্ষণ বা সংকেতবোৰ চিনাক্ত কৰি আপুনি এই ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰে।এই ৰোগৰ কাৰণ আৰু লক্ষণৰ বিষয়ে আজি জানো আহক-

ধূমপান, সুৰা পান, অত্যাধিক ভজা-পোৰা বস্তু খোৱাৰ ফলত উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা থাকে।তেজত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে বহু স্বাস্থ্য সমস্যা হ'ব পাৰে।বিশেষজ্ঞসকলৰ মতে, আপুনি উচ্চ কলেষ্টেৰলৰ প্ৰাৰম্ভিক লক্ষণবোৰ চাই এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। উচ্চ কলেষ্টেৰলৰ লক্ষণবোৰ হৈছে-

আঙুলিৰ বিষ 

যেতিয়া শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়, আপোনাৰ হাত আৰু ভৰিৰ আঙুলিৰ বিষ হ'ব পাৰে।ইফালে, ধমনীত কলেষ্টেৰল জমা হোৱাৰ বাবে আপুনি গুৰুতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।সেয়েহে, যদি আপোনাৰ আঙুলিত নিৰন্তৰ বিষ হয় তেনেহ'লে শীঘ্ৰেই বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

আঙুলি হালধীয়া হোৱা 

যদি আপোনাৰ আঙুলি হালধীয়া হৈছে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হৈ আছে। কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত আপুনি জান্থেলাস্মাৰ চিকাৰ হ'ব পাৰে, যাৰ ফলত আপোনাৰ ছালৰ ৰং হালধীয়া হৈ হ'বলৈ আৰম্ভ কৰে।

আঙুলিত জিনজিননি অনুভৱ 

তদুপৰি, কলেষ্টেৰল বৃদ্ধি হোৱাৰ ফলত আপোনাৰ আঙুলিত জিনজিননি হ'ব পাৰে।শৰীৰৰ শিৰাবোৰ অৱৰুদ্ধ হোৱাৰ ফলত আপোনাৰ ৰক্ত সঞ্চালন প্ৰভাৱিত হ'বলৈ আৰম্ভ কৰে। যি আপোনাৰ স্বাস্থ্য সমস্যা বৃদ্ধি কৰিব পাৰে।

যিকোনো চাপৰ ফলত বিষ হয় 

যদি কাম কৰোতে আপোনাৰ আঙুলিৰ বিষ হয়, তেতিয়া এয়া উচ্চ কলেষ্টেৰলৰ লক্ষণ।এনে পৰিস্থিতিত আপুনি এই সমস্যাক উপেক্ষা নকৰিব।যদি আপোনাৰ কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হৈ থাকে, তেন্তে ই আপোনাৰ হৃদযন্ত্ৰৰ আক্ৰমণৰ কাৰণো হ'ব পাৰে।সেয়েহে, যদি আপোনাৰ শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়, তেন্তে ইয়াক উপেক্ষা নকৰিব। এই লক্ষণবোৰৰ যিকোনো এটা লক্ষণ দেখা দিলেও আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।