স্বাস্থ্য

এইসমূহ শিশুৰ ডায়বেটিচ হোৱাৰ লক্ষণ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে শিশুসকলো ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ চিকাৰ হ'বলগীয়া হৈছে। শিশুসকল সাধাৰণতে টাইপ ১ ডায়বেটিচত আক্ৰান্ত হয়। ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক বিকাশত যথেষ্ট প্ৰভাৱ পৰে। এই বিপদজনক ৰোগৰ ফলত শৰীৰৰ অংগবোৰত অতি বেয়া প্ৰভাৱ পৰে। টাইপ ১ ডায়বেটিচৰ ফলত শৰীৰত ইনচুলিন কমকৈ প্ৰস্তুত হয়, যাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। শিশুৰ ক্ষেত্ৰত  টাইপ ১ ডায়বেটিচৰ লক্ষণবোৰ বেলেগ ধৰণে দেখা যায়। ডায়েবেটিচত আক্ৰান্ত হ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে।শেহতীয়া এক অধ্যয়নত প্ৰকাশ পোৱা মতে, বিশ্বব্যাপী ৫ বছৰৰ তলৰ শিশুৰ  টাইপ ১ ডায়বেটিচৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

টাইপ ১ ডায়বেটিচৰ লক্ষণসমূহ -

. শিশুৰ দ্ৰুত হাৰত ওজন হ্ৰাস বা ওজন বৃদ্ধি হোৱা ।

. সঘনাই পিয়াহ লগা ।

. সঘনাই প্ৰস্ৰাৱ লগা।

. সকলো সময়তে ভাগৰ আৰু খোজ কঢ়াত সমস্যা হোৱা।

. উশাহ চুটি হোৱা আৰু সঘনাই মূৰ্চ্ছা যোৱা। 

. সঘনাই ‘মুড’ সলনি আৰু খজুৱতি হোৱা।

. শৰীৰত ইনচুলিনৰ অভাৱ। 

শিশুৰ ডায়েবেটিছ হোৱাৰ কাৰণ

কিছুমান শিশুৰ ডায়বেটিচৰ সমস্যা জন্মৰ পৰাই আৰম্ভ হয়। ইয়াৰ বাবে আনুবংশিক কাৰকবোৰেই মূলতে দায়ী। শৰীৰত ভাইৰেল সংক্ৰমণৰ ফলত শিশুৰ ক্ষেত্ৰত ডায়বেটিচৰ আশংকা অধিক হয়। শিশুৰ ডায়েবেটিচৰ আন কাৰকবোৰ হৈছে-

. আনুবংশিক কাৰণ

. শৰীৰত ইনচুলিনৰ অভাৱ 

. দুৰ্বল আহাৰ 

. শাৰীৰিক সক্ৰিয়তাৰ অভাৱ 

. কিছুমান আনুসাংগিক ৰোগ

প্ৰতিকাৰ 

যেতিয়া শিশুৰ ক্ষেত্ৰত টাইপ ১ ডায়বেটিচৰ লক্ষণ দেখা দিয়ে, চিকিৎসকে প্ৰথমে তেওঁলোকৰ শৰীৰত থকা ৰক্ত শৰ্কৰাৰ স্তৰ পৰীক্ষা কৰি চিকিৎসা আৰম্ভ কৰে।যদি শিশুৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ অনিয়ন্ত্ৰিত হয়, তেন্তে তেওঁলোকক চিকিৎসাৰ প্ৰয়োজন। সঠিক সময়ত ডায়বেটিচৰ লক্ষণবোৰ চিনাক্ত হ’লে চিকিৎসা কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

কেনেদৰে সুৰক্ষা দিব?

শিশুক ডায়বেটিচৰ পৰা বচাই ৰাখিবলৈ অভিভাৱকসকলে তেওঁলোকৰ আহাৰ আৰু জীৱনশৈলীৰ বিশেষ যত্ন ল'ব লাগে। স্বাস্থ্যকৰ তথা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে শিশু এটা ডায়বেটিচত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস হয়। তদুপৰি, যদি শিশুৰ শৰীৰত ওপৰত উল্লেখিত ডায়বেটিচৰ যিকোনো লক্ষণে দেখা দিয়ে, পলম নকৰি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।