স্বাস্থ্য

সাৱধান হওঁক ! এইসমূহ এক গুৰুতৰ ৰোগৰ লক্ষণ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস তথা দুৰ্বল জীৱনশৈলীৰ বাবে শেহতীয়াকৈ আচৰিতভাৱে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। ই হৈছে এক প্ৰকাৰৰ বিপাকীয় বিকাৰ।ইয়াৰ ফলত শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিবলৈ সক্ষম নহয়। শৰীৰত ইনচুলিনৰ অভাৱৰ ফলত বৃক্ক, ছাল, হৃদযন্ত্ৰ, চকু আৰু সামগ্ৰিক স্বাস্থ্য প্ৰভাৱিত হয়। যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰত ডায়েবেটিছ হ'ব পাৰে।ডায়েবেটিছ ৰোগ প্ৰধানত দুই প্ৰকাৰৰ।টাইপ ১ আৰু টাইপ ২। ৪০ বছৰতকৈ কম বয়সৰ লোকৰ শৰীৰত টাইপ ১ ডায়েবেটিছ হয়।আনহাতে, টাইপ ২ ডায়েবেটিছ ৪০ৰ উৰ্ধৰ লোকৰ শৰীৰত দেখা দিয়ে।ডায়েবেচিছ ৰোগৰ লক্ষণ আৰু আপুনি এই বিপদজনক ৰোগৰ পৰা নিজকে কেনেকৈ বচাই ৰাখিব পাৰে, আজি জানো আহক-

প্ৰকৃততে, যকৃতে শৰীৰক দিনটোৰ বাবে প্ৰস্তুত কৰিবলৈ আৰু ইয়াক অধিক সক্ৰিয় কৰিবলৈ ৰক্ত শৰ্কৰা মুকলি কৰে। এই কাৰণেই ডায়েবেটিচ ৰোগত আক্ৰান্ত লোকসকলে ৰাতিপুৱা উচ্চ ৰক্ত শৰ্কৰা অনুভৱ কৰিব পাৰে।তদুপৰি, গোটেই ৰাতি সঘনাই প্ৰস্ৰাৱ কৰাৰ ফলত ৰাতিপুৱা তেওঁলোকৰ ডিঙি আৰু মুখ শুকান হৈ পৰাৰ লগতে দৃষ্টিশক্তিৰ দুৰ্বলতা আৰু ভোক লগাৰ দৰে লক্ষণেও দেখা দিব পাৰে।বহুলোকে ডায়েবেটিছ ধৰা পৰাৰ আগতে শৰীৰত ভাগৰ, টোপনি, দৃষ্টিশক্তিৰ দুৰ্বলতা, সংক্ৰমণ আৰু ফোঁহা আদিৰ দৰে লক্ষণ অনুভৱ কৰে।

টাইপ ২ ডায়েবেটিছৰ লক্ষণ 

. অধিক ভোক অনুভৱ কৰা 

. হঠাতে ওজন হ্ৰাস

. হাত বা ভৰিত জিনজিননি

. ক্লান্তি 

. অলসতা

. শুকান ছাল

. আঘাত পালে আৰোগ্য হ’বলৈ সময় লগা

. অধিক তৃষ্ণাতুৰ অনুভৱ কৰা

. ৰাতি অত্যাধিক প্ৰস্ৰাৱ কৰা

. চুলি সৰা 

টাইপ ২ ডায়েবেটিছৰ লক্ষণ  

. ওকালি অহা 

.পেটৰ বিষ

. বমি 

নিজকে কিদৰে সুৰক্ষা দিব ?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ডায়বেটিচ প্ৰতিৰোধ কৰিব নোৱাৰি।এই ৰোগ নিয়ন্ত্ৰণহে কৰিব পাৰি।ইয়াৰ বাবে-

. দৈনিক ৩০-৪৫ মিনিট ব্যায়াম কৰিব।ইয়াৰ বাবে আপুনি খোজ কাঢ়িব বা চাইকেল চলাব পাৰে।

. পৰিশোধিত কাৰ্বোহাইড্ৰেটৰ সৈতে সংপৃক্ত আৰু ট্ৰেন্স চৰ্বিযুক্ত খাদ্য গ্ৰহণ নকৰিব। 

. খাদ্য তালিকাত ফল-পাচলি অন্তৰ্ভূক্ত কৰিব। 

. প্ৰতি দুঘণ্টাৰ মুৰে মুৰে কিবা খাব।