স্বাস্থ্য

উচ্চ ৰক্তচাপ, চৰ্দি-কাহ, পাকস্থলী, হৃদযন্ত্ৰৰ লগতে বহু ৰোগৰ ঔষধ নহৰু

Asomiya Pratidin

ডিজিটেল ডেস্ক: শৰীৰটোক ৰোগমুক্ত কৰি ৰাখিবলৈ আমি সকলোয়ে খোৱা-বোৱাত সদায় সচেতন হোৱাটো খুবেই দৰকাৰী।বহুতেই আকৌ নিজকে সুস্থ ৰাখিবলৈ ব্যায়াম বা যোগৰ সহায় লয়। আনহাতে, আপুনি দৈনিক নহৰুৰ পানী সেৱন কৰিও শৰীৰটোক স্বাস্থ্যৱান ৰাখিব পাৰে।স্বাস্থ্যৰ লাভালাভৰ বাবে নহৰু কিদৰে খাব লাগে বা খোৱাৰ দ্বাৰা আমাৰ কি উপকাৰ হয়, আজি সেই বিষয়ে জানো আহক-

পাচন আৰু পাকস্থলীৰ সমস্যা

নহৰুত থকা বেক্টেৰিয়াই শৰীৰৰ পাকস্থলী সম্পৰ্কীয় ৰোগসমূহ নিৰাময় কৰে। পেটৰ বিষ, পেট ফুলা আৰু গেছৰ সমস্যা থকা লোকসকলে ৰাতিপুৱা সদায় নহৰুৰ পানী খাব লাগে। ই এই সমস্যাবোৰৰ পৰা অতি সোনকালে সকাহ দিয়াত সহায় কৰে।

উচ্চ ৰক্তচাপ

যদি আপুনি প্ৰতিদিনে নহৰুৰ পানী খায়, তেন্তে আপুনি উচ্চ ৰক্তচাপৰ পৰাও বাচি থাকিব পাৰিব। তদুপৰি, ই প্ৰাকৃতিক ভাৱে তেজ পাতল কৰাত সহায়ক হয়।

চৰ্দি আৰু কাহ 

যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকে সদায় নহৰুৰ পানী সেৱন কৰিব লাগে। কাহ-চৰ্দিৰ সমস্যা থকা লোকসকলক বিশেষজ্ঞসকলেও নহৰুৰ পানী খাবলৈ পৰামৰ্শ দিয়ে।নহৰুত থকা এণ্টিবায়টিক, ভেঁকুৰ-প্ৰতিৰোধী গুণাগুণে শৰীৰক সংক্ৰমণ আৰু ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

হৃদযন্ত্ৰৰ বাবে উপকাৰী

নহৰুত এলিচিনসমৃদ্ধ এক অৰ্গেনোছালফাৰ যৌগ পোৱা যায়, যিয়ে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগবোৰৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা কৰে।

মাহেকীয়াৰ সমস্যা

ঋতুস্ৰাৱৰ সময়ত পিঠিৰ বিষ, শৰীৰ তথা পেট বিষৰ সমস্যাত ভোগা মহিলাসকলেও নহৰুৰ পানী খাব লাগে।এই সময়ছোৱাত ই শৰীৰটোক যথেষ্ট আৰাম প্ৰদান কৰিব পাৰে।

নহৰুৰ পানী কেনেদৰে তৈয়াৰ কৰিব ?

১) প্ৰথমে এটা পেনত ২ গিলাচ পানী গৰম কৰিব।

২) এই পানীত নহৰু ২-৩ ফুটা দি ভালদৰে উতলাব।

৩) এই পানী আধালৈ হ্ৰাস হ’লে গেছটো বন্ধ কৰি ঠাণ্ডা হ’বলৈ দিব।

৪) অধিক সোৱাদৰ বাবে আপুনি ইয়াৰ লগত মৌ, জালুক অথবা নিমখ যোগ কৰিব পাৰে।