স্বাস্থ্য

সুস্থ হৈ থাকিবলৈ দৈনিক খাওঁক এইবিধ ফল

Asomiya Pratidin

ডিজিটেল ডেস্ক: শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু পুষ্টিৰ অভাৱ পূৰণ কৰাৰ বাবে কিৱি হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। কিয়নো কিৱিত এণ্টি-অক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী, ভিটামিন চি, ভিটামিন বি, কেলচিয়াম, আঁহ, কাৰ্বোহাইড্ৰেট, ফছফৰাছ, তাম, জিংক, নিয়াচিন, পটাছিয়াম, ৰাইবোফ্লেভিন, বিটা কেৰোটিন আদি থাকে। যি বিভিন্ন প্ৰকাৰৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক। চিকিৎসকসকলেও সেয়েহে দৈনিক এটা কিৱি খোৱাৰ পৰামৰ্শ দিয়ে।আজি কিৱিৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কিৱি যথেষ্ট সহায়ক।ই শৰীৰক পৰ্যাপ্ত ভিটামিন চি যোগান ঘৰাৰ লগতে মুক্ত ৰেডিকেল আঁতৰ কৰাত আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰাত সহায় কৰে। যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

অন্ত্ৰৰ বেক্টেৰিয়া বৃদ্ধি কৰে

কিৱি হজমৰ বাবেও যথেষ্ট উপকাৰী বুলি প্ৰমাণিত। ই পাকস্থলীৰ পাচন এনজাইমৰ উৎপাদন বৃদ্ধি কৰে আৰু এনেদৰে খাদ্য দ্ৰুতভাৱে হজম কৰাত সহায় কৰে।

তেজ গোট মৰা প্ৰতিহত কৰে

কিৱিত থকা উপাদানবোৰে তেজ গোট মৰা অৰ্থাৎ শিৰাত তেজ জমা হোৱা প্ৰতিহত কৰে।কিৱিয়ে কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ পৰাও আমাক সুৰক্ষা দিয়ে।

চকুৰ বাবে উপকাৰী

কিৱিয়ে আমাৰ ছাল-চকুক স্বাস্থ্যৱান কৰি ৰাখে। ইয়াক খোৱাটোৱে বহুতো চকুৰ ৰোগ আঁতৰাই ৰাখে। কিৱি অত্যন্ত ভিটামিন সমৃদ্ধ হোৱাৰ বাবে ই দৃষ্টিশক্তি ভালে ৰাখে।

তেজৰ প্লেটলেট বৃদ্ধি কৰে

চিকিৎসকসকলে ডেংগুত ভুগি থকা লোকসকলক কিৱি খাবলৈ পৰামৰ্শ দিয়ে। কিয়নো এই ফলটোৱে তেজৰ প্লেটলেট বৃদ্ধি কৰিব পাৰে আৰু দ্ৰুত আৰোগ্য হোৱাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও, ভিটামিন বি-ৰ অভাৱ আৰু ৰক্তহীনতাত ভুগি থকা লোকসকলে প্লেটলেট গণনা নিয়ন্ত্ৰণ কৰিবলৈ কিৱি খাব লাগে।

ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী  

ই ডায়েবেটিচত ভুগি থকা লোকসকলৰ স্বাস্থ্য উন্নত কৰাতো সহায়ক। যিহেতু এই ফলৰ গ্লাইচেমিক সূচক কম, সেয়েহে ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত কাৰ্যকৰী।