স্বাস্থ্য

এইদৰে শিশুৰ লালন-পালন কৰাতো হ’ব একেবাৰে সহজ

Asomiya Pratidin

ডিজিটেল ডেস্ক: শিশু এটিক জন্ম দি ভালকৈ ডাঙৰ-দীঘল কৰাটো প্ৰতিজন অভিভাৱকৰে এক গুৰু দায়িত্ব। লালন-পালনৰ সময়ত দিয়া মূল্যবোধে এটি শিশুৰ উন্নত ভৱিষ্যত গঢ় দিয়াত বহুখিনি সহায় কৰে। কিন্তু আজিকালি দেখা গৈছে যে অভিভাৱকসকলে শিশুসকলৰ বাবে তেওঁলোকৰ সময়ৰ বাহিৰে সকলোবোৰই সহজে উপলব্ধ কৰি দিয়ে।বিশেষকৈ কৰ্মৰত পিতৃ-মাতৃয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে তেওঁলোকে শিশুসকলৰ প্ৰতি মনোযোগ দিব নোৱাৰে।ইয়াৰ ফলত বহুতো শিশু হীনমন্যতাৰ চিকাৰ তথা অকলশৰীয়া হৈ পৰে।কিন্তু এই ক্ষেত্ৰত এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কেতবোৰ বিশেষ দিশত সতৰ্ক হৈয়ে কামৰ মাজতে আপুনি আপোনাৰ সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিব পাৰে।এই দিশসমূহ হৈছে-

শিশুটোক পৰিস্থিতি সম্পৰ্কে বুজাই দিব

যদি আপুনি এজন কৰ্মৰত অভিভাৱক, তেন্তে আপুনি শিশুটোক আপোনাৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিব। বহু শিশু তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা পৰ্যাপ্ত সময় লাভ নকৰি নিজকে অকলশৰীয়া অনুভৱ কৰে। সেয়েহে, আপুনি সন্তানক আপোনাৰ পৰিস্থিতি তথা জীৱনত কাম কৰাটো কিমান গুৰুত্বপূৰ্ণ সেয়া বুজাই দিব। আপোনাৰ কামৰ গুৰুত্ব বুজি পোৱাটো তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ।এনে কৰাৰ ফলত তেওঁলোকে বাস্তৱ পৃথিৱীখন আয়ত্ব কৰিব পাৰিব।

শিশুক বৃদ্ধসকলৰ ওচৰত ৰাখিব

পিতৃ-মাতৃৰ অনুপস্থিতিত অকলশৰীয়া অনুভৱ কৰা শিশুসকলে তেওঁলোকৰ চাৰিওফালৰ বস্তুবোৰৰ সৈতে সময় কটাবলৈ আৰম্ভ কৰে। এনে কৰাটো কেতিয়াবা তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আপোনাৰ সন্তানক ইয়াৰ পৰা সুৰক্ষিত কৰিবলৈ আপুনি তেওঁলোকক অকলে এৰি নিদিবলৈ চেষ্টা কৰিব। যদি সম্ভৱ হয়, সদায়ে আপোনাৰ সন্তানক ককা-আইতা বা আন যিকোনো বৃদ্ধৰ ওচৰত থাকিবলৈ দিব। এনে কৰাৰ ফলত আপোনাৰ শিশুটি সুৰক্ষিত থকাৰ লগতে জ্যেষ্ঠসকলৰ পৰা ভাল কথা শিকিব পাৰিব।

শিশুৰ ৰুটিন নিৰ্ধাৰণ কৰক

যদি আপোনাৰ সন্তান অলপ বুজি পোৱা হৈছে, তেন্তে আপুনি তেওঁৰ বাবে ৰুটিন নিৰ্ধাৰণ কৰা উচিত। শিশুটোক কেতিয়া পঢ়িব লাগে, কেতিয়া খাব লাগে, কেতিয়া খেলিব লাগে আৰু কেতিয়া শুব লাগে তাৰ বাবে নিৰ্দ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব। তেওঁৰ ব্যৱহাৰ কৰা সকলো সামগ্ৰী ভালদৰে ৰাখিবলৈ শিকাব।এনে কৰাৰ ফলত তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ শিকিব।আপুনি কাৰ্যালয়ৰ পৰা শিশুটোক মাজে মাজে ফোন কৰিব আৰু তাৰ অৱস্থাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব।

সপ্তাহান্তত সম্পূৰ্ণ সময় দিয়ক

যদি আপুনি ব্যক্তিগত খণ্ডত চাকৰি কৰি আছে, সপ্তাহত ৫ দিন কাৰ্যালয়লৈ যোৱা চাকৰি এটা কৰিবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত আপুনি আপোনাৰ সন্তানৰ সৈতে দুদিন সময় কটোৱাৰ সুযোগ পাব। এই সময়ত শিশুটোৰ সৈতেই অধিক সময় কটাব। খোজ কাঢ়িবলৈ লৈ যাওঁক, তেওঁৰ সৈতে খেল খেলক আৰু তেওঁৰ মনত কি আছে জানিবলৈ চেষ্টা কৰক। ই সন্তানে আপোনাৰ পৰা কি বিচাৰে সেয়া জনাতো আপোনাক সহায় কৰিব।

শিশুৰ অভ্যাসৰ প্ৰতি মনোযোগ দিব

যদি শিশুটোৱে হঠাতে খং কৰা আৰম্ভ কৰে, খিংখিঙীয়া স্বভাৱৰ হৈ উঠে বা হঠাতে নীৰৱ হৈ পৰে, তেনেহ'লে সি অকলশৰীয়া অনুভৱ কৰিব পাৰে। বহুসময়ত শিশুৱে তেওঁলোকৰ সমস্যাটো বুজাবলৈ সক্ষম নোহোৱাৰ বাবেও আচৰণৰ জৰিয়তে ইয়াক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে।সেয়েহে শিশুটোৰ সৈতে কথা পাতি তেওঁৰ সমস্যাটোৰ বিষয়ে মৰমেৰে শুনি সমাধান কৰিবলৈ যত্ন কৰিব।