স্বাস্থ্য

এইদৰে বনাই খাওঁক স্বাস্থ্যসন্মত মাখনা

Asomiya Pratidin

ডিজিটেল ডেস্ক: মাখনাক শুকান ফল হিচাপে প্ৰায়ে খোৱা হয়। পুষ্টিৰে সমৃদ্ধ মাখনাক স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। যদি ইয়াক ৰাতিপুৱাৰ আহাৰ হিচাপে খোৱা হয়, তেন্তে গোটেই দিনটো ভোক কমকৈ লাগে, যিয়ে আমাক মেদবহুলতাৰ পৰা বচাই ৰাখে। কিন্তু কিছুমান লোকে মাখনা ঘিউ বা তেলত ভাজে, যাৰ ফলত ইয়াৰ পুষ্টি হেৰাই যায়। যদি আপুনি পুষ্টি লাভৰ বাবে মাখনা খাব বিচাৰে, তেন্তে আপুনি ইয়াক ভাজিবলৈ তেল বা ঘিউ ব্যৱহাৰ নকৰিব।তেল অবিহনে কিদৰে মাখনা তৈয়াৰ কৰিব পাৰি, আজি জানো আহক- 

- আপুনি ঘিউ বা তেল অবিহনে মাখনা তৈয়াৰ কৰিবলৈ এক বিশেষ উপায় অৱলম্বন কৰিব পাৰে। ইয়াৰ বাবে এটা পেন ভালকৈ গৰম কৰি ল’ব। তাৰ পিছত তাত মাখনা আৰু অলপ নিমখ দিব। ইয়াৰ পিছত মজলীয়া জুইত লৰাই লৰাই মাখনাখিনি তৈয়াৰ কৰিব। এনেদৰে খালে আপুনি মাখনাৰ সম্পূৰ্ণ পুষ্টি লাভ কৰিব।

- আপুনি মাইক্ৰ'ৱেভতো তেল বা ঘিউ অবিহনে মাখনা তৈয়াৰ কৰিব পাৰে। মাইক্ৰ'ৱেভ বাটি এটা লৈ তাত মাখানাৰ সৈতে অলপ নিমখ মিহলাই ১৫-২০ মিনিটৰ বাবে মাইক্ৰ'ৱেভ কৰিব। নিৰ্দিষ্ট সময়ৰ পাছত মাখনাখিনি উলিয়াই ঠাণ্ডা হোৱাৰ পাছত পৰিৱেশন কৰিব। 

- যদি আপুনি মাখনা সোৱাদ লগাকৈ খাব বিচাৰে, কিন্তু ঘিউ তেল ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে এটা উপায় অৱলম্বন কৰিব। ইয়াৰ বাবে ভালকৈ গৰম হোৱা এটা কেৰাহীত অলপ নিমখ দি মাখনাখিনি লৰাই থাকিব।নমোৱাৰ আগতে তাত অলপ জালুকৰ গুৰি আৰু চাট মছলা দি দিব। 

আনহাতে, তৈয়াৰ কৰা মাখনা বহুদিনলৈ খাবলৈ সদায় এয়াৰটাইট পাত্ৰত ৰাখিব।