স্বাস্থ্য

স্বাস্থ্যকৰ জীৱনশৈলী অনুকৰণ কৰি সুস্থিৰ কৰক আপোনাৰ জীৱন

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আইচিএমআৰৰ এক প্ৰতিবেদনত আচৰিত তথ্য পোহৰলৈ আহিছে।এই প্ৰতিবেদনৰ মতে, ভাৰতত ৫৪.৬ শতাংশ ৰোগেই অস্বাস্থ্যকৰ আহাৰ গ্ৰহণৰ ফলত হয়। এই প্ৰতিবেদনতে আইচিএমআৰয়ে অত্যাৱশ্যকীয় পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ, মেদবহুলতা আৰু ডায়েবেটিচৰ দৰে ৰোগ পৰিহাৰ কৰিবলৈ ১৭ প্ৰকাৰৰ আহাৰ গ্ৰহণ সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ অধীনত ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠান (এনআইএন)ৰ মতে, পুষ্টিসমৃদ্ধ আহাৰ খোৱাটোৱে কাৰ্ডিওভাস্কুলাৰ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ ৰোধ কৰিব পাৰে। স্বাস্থ্যকৰ জীৱনশৈলীয়ে ৰোধ কৰিব পাৰে অকাল মৃত্যু। এনে পৰিস্থিতিত, স্বাস্থ্যকৰ জীৱন শৈলী অনুকৰণ কৰিবৰ বাবে কম নিমখ, কম চেনী, কম তেল, কম চৰ্বিজাতীয় খাদ্য খোৱা তথা দৈনিক সঠিক ব্যায়াম কৰাটো খুবেই প্ৰয়োজন।

তদুপৰি, আইচিএমআৰ-এনআইএনৰ সঞ্চালক ড০ হেমলতা আৰ-ৰ নেতৃত্বত বিশেষজ্ঞসকলৰ এক বহুমুখী সমিতিয়ে 'ভাৰতীয়সকলৰ বাবে আহাৰ নিৰ্দেশনা' প্ৰস্তুত কৰিছে আৰু ইয়াৰ বিভিন্ন বৈজ্ঞানিক পৰ্যালোচনাও কৰিছে। ইয়াত ১৭ প্ৰকাৰৰ খাদ্য অন্তৰ্ভুক্ত কৰা হৈছে।

নিৰ্দেশনাৱলীত কোৱা হৈছে যে এক সন্তুলিত আহাৰত ৪৫ শতাংশতকৈ অধিক কেলৰি থাকিব নালাগে। একেদৰে, ইয়াত মাহজাতীয় শস্য, বীন আৰু মাংসৰ পৰা আমি ১৫ শতাংশলৈকে কেলৰি গ্ৰহণ কৰিব পাৰো। বাকী কেলৰি প্ৰাপ্ত কৰিবলৈ শুকান ফল, পাচলি, ফল আৰু গাখীৰ খাবলৈ সঞ্চালকগৰাকীয়ে পৰামৰ্শ দিয়ে।