স্বাস্থ্য

অভিভাৱকসকল সচেতন হওঁক, ভয়াৱহ ৰোগ দূৰ কৰিবলৈ সময়মতে লওঁক সন্তানৰ যত্ন

Asomiya Pratidin

ডিজিটেল ডেস্ক: যিকোনো সময়তে ভয়াৱহ ৰূপ ধাৰণ কৰা এক অন্যতম শাৰিৰীক সমস্যা হৈছে প্ৰস্ৰাৱৰ সংক্ৰমণ। কেৱল প্ৰাপ্তবয়স্ক তথা বৃদ্ধসকলৰেই নহয়, শিশুৰো হ’ব পাৰে এই সংক্ৰমণ। প্ৰস্ৰাৱৰ সংক্ৰমণক মূত্ৰাশয়ৰ সংক্ৰমণ বুলিও কোৱা হয়। বিশেষজ্ঞসকলৰ মতে, যদি মূত্ৰাশয়ৰ যিকোনো অংশত সংক্ৰমণ হয়, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আৰু বিষ হ'ব পাৰে। শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয় আৰু তেওঁলোকক ইয়াৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব পাৰি, সেই বিষয়ে অভিভাৱকসকল জ্ঞাত হোৱাটো খুবেই প্ৰয়োজন।

শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয় ?

বিশেষজ্ঞসকলৰ মতে, শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ কাৰণ চিনাক্ত কৰাটো অতি কঠিন। কিয়নো তেওঁলোকে তেওঁলোকৰ সমস্যাৰ বিষয়ে সহজে একো ক'ব নোৱাৰে। সেয়েহে, শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হৈছে নে নাই জানিবলৈ ইউটিআই পৰীক্ষা কৰা হয়।

লেতেৰা ঠাইত প্ৰস্ৰাৱ কৰা বা সৰু শিশুক দীঘলীয়া সময়ৰ বাবে ডায়েপাৰ পিন্ধাৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ হ'ব পাৰে।ইউটিআই সংক্ৰমণ হ'লে শিশুৰ দেহত কেতবোৰ বিশেষ লক্ষণে দেখা দিয়ে। ইয়াৰে অন্যতম লক্ষণ হৈছে জ্বৰ। আনহাতে, যদি শিশুটোৱে সঘনাই প্ৰস্ৰাৱ কৰে আৰু প্ৰস্ৰাৱ কৰোতে তেওঁলোকৰ সমস্যা হয়, তেনেহ'লে অভিভাৱকসকলে সতৰ্ক হোৱা উচিত। এই সকলোবোৰ সমস্যা শিশুৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণো হ'ব পাৰে। প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত শিশু এটাই জ্বৰ, কাণৰ বিষ, ফ্লু আদিৰ দৰে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।

কিদৰে সুৰক্ষা দিব ?

.শিশুসকলক প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ অভিভাৱকে তেওঁলোকক ‘ৱাছৰুম’ বা প্ৰস্ৰাৱ কৰা ঘৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকাই দিব লাগে। ইয়াৰ বাহিৰেও, শিশুটোক বুজাব লাগে যে লেতেৰা ঠাইত প্ৰস্ৰাৱ কৰিলে এই সমস্যাৰ আশংকা আৰু অধিক বৃদ্ধি হ'ব পাৰে। 

. আপোনাৰ সন্তানক ৰাজহুৱা স্থানত পৰিস্কাৰ ‘ৱাছৰুম’ ব্যৱহাৰ কৰিবলৈ শিকাব। 

. প্ৰস্ৰাৱ কৰাৰ পিছত গুপ্তাংগ ধুবলৈ শিকাব। 

. তেওঁলোকক যথেষ্ট পৰিমাণে পানী খাবলৈ কওঁক যাতে তেওঁলোকৰ শৰীৰ হাইড্ৰেটেড হৈ থাকে। সৰু ল’ৰা-ছোৱালীক ৩-৪ ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰাব। ই সংক্ৰমণৰ আশংকাও হ্ৰাস কৰিব।

. যদি আপোনাৰ সন্তানৰ আগতে প্ৰস্ৰাৱৰ সংক্ৰমণ হৈছে, তেওঁলোকক পানী বেছিকৈ খাবলৈ দিব।

. সন্তানৰ অন্তৰ্বাস দৈনিক সলনি কৰিব। কিবা খোৱাৰ আগতে হাত পৰিস্কাৰ কৰিবলৈ শিকাব।