স্বাস্থ্য

পৰিয়ালৰ পৰিকল্পনা কৰাসকল এইক্ষেত্ৰত সচেতন হওক

Asomiya Pratidin

ডিজিটেল ডেস্ক: তিতা কেৰালা সোৱাদত তিতা যদিও স্বাস্থ্যৰ বাবে ই আশীৰ্বাদতকৈ কম নহয়। ইয়াৰ বিভিন্ন ঔষধি গুণ আছে। যিয়ে আমাৰ শৰীৰক বহুতো সমস্যাৰ পৰা সুৰক্ষিত কৰে। প্ৰকৃততে, তিতা কেৰালা বা ইয়াৰ ৰস খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। তিতা কেৰালাৰ ৰসে সংক্ৰমণৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে ঔষধ হিচাপে কাম কৰে। আজি তিতা কেৰালাৰ ৰসৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

ওজন হ্ৰাস কৰাত সহায়ক

যদি আপুনি ওজন হ্ৰাস কৰাৰ কথা ভাবি আছে, তেন্তে আপুনি তিতা কেৰালাৰ ৰস খাব পাৰে। কাৰণ ইয়াত যথেষ্ট আঁহৰ সৈতে হাইড্ৰেটিং গুণাগুণ আছে।তিতা কেৰালাত কেলৰিৰ পৰিমাণো যথেষ্ট কমকৈ থাকে।সেয়েহে ওজন হ্ৰাসৰ পৰিকল্পনা কৰি থকা সকলৰ আহাৰত ই এক স্বাস্থ্যকৰ বিকল্প।

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহাসক

তিতা কেৰালা ৰস হৈছে ডায়েবেটিচৰ বাবে এক ৰামবাণ। আয়ুৰ্বেদৰ মতে, তিতা কেৰালাৰ ৰসে শৰীৰত গ্লুুক’জৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। সেয়েহে, ডায়েবেটিক ৰোগীসকলক তিতা কেৰালাৰ ৰস খাবলৈ পৰামৰ্শ দিয়া হয়।

ছালৰ বাবে উপকাৰী

তিতা কেৰালাত ভিটামিন এ আৰু চি-ৰ দৰে শক্তিশালী এণ্টি-অক্সিডেণ্ট থাকে। যিয়ে ছাল উজ্জ্বল কৰাৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে। কেৱল এয়াই নহয়, ই ছালৰ সংক্ৰমণো আঁতৰাই ৰাখে।

ভোক নিয়ন্ত্ৰণ কৰে

আঁহ সমৃদ্ধ তিতা কেৰালাৰ ৰসত উচ্চ পৰিমাণৰ পুষ্টি থাকে। যিয়ে আপোনাক দীঘলীয়া সময়ৰ বাবে ভোক অনুভৱ হ’বলৈ নিদিয়ে।

হজমশক্তি উন্নত কৰে

ইয়াত পোৱা পুষ্টিবোৰে পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰে। ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো ই যথেষ্ট উপকাৰী।

যকৃতৰ বাবে উপকাৰী

তিতা কেৰালাৰ ৰসে অন্ত্ৰ পৰিস্কাৰ কৰে।তিতা কেৰালাত মোমোৰ্ডিকা চাৰিৰেণ্টিয়া নামৰ এটা উপাদান পোৱা যায়। ই হৈছে এক এণ্টিঅক্সিডেণ্ট, যিয়ে যকৃতৰ কাৰ্য শক্তিশালী কৰি ইয়াক সকলো ধৰণৰ ক্ষতিৰ পৰা সুৰক্ষা প্ৰদান কৰে।

এই সকল লোকে তিতা কেৰালাৰ ৰস পৰিহাৰ কৰিব

১. তিতা কেৰালাৰ ৰস অত্যাধিক সেৱন কৰিলে পেটৰ বিষ, ডায়েৰিয়া আৰু পেটৰ বিকাৰ হ'ব পাৰে।সেয়েহে পেটৰ অসুখত ভোগাসকলে তিতা কেৰালা নাখাব।

২. ডায়েবেটিচ ৰোগী আৰু যিকোনো ঔষধ গ্ৰহণ কৰা লোকসকলে কেৱল চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে তিতা কেৰালাৰ ৰস খাব।

৩. আয়ুৰ্বেদৰ মতে, তিতা কেৰালাৰ ৰস অত্যাধিক সেৱনে শুক্ৰাণুৰ মানদণ্ড হ্ৰাস কৰে। গতিকে যদি আপুনি পৰিয়াল পৰিকল্পনা কৰি আছে, তেন্তে তিতা কেৰালাৰ ৰস পৰিহাৰ কৰিব।

৪.গৰ্ভৱতী মহিলা আৰু হৃদৰোগীসকলেও তিতা কেৰালা বা ইয়াৰ ৰস খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।