dangor khabar  
মুখ্য-পৃষ্ঠা

চৰণেহে জানে মৰণৰ ঠাই! জমা হৈ থকা পানীত পৰি প্ৰাণ গ'ল কণমানিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰৰ লক্ষীপুৰত শোকাৱহ ঘটনা সংঘটিত হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা জমা পানীত পৰি মৃত্যু হৈছে এগৰাকী কণমানি শিশুৰ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে লক্ষীপুৰ থানাৰ অন্তৰ্গত বাৰামামদা গাঁৱত।‌

নিশা ধাৰাষাৰ বৰষুণৰ ফলত পথৰ কাষত থকা দ' স্থানত পানী জমা হোৱাৰ ফলত ৮ বছৰীয়া কন্যা শিশুটি পানীত পৰি মৃত্যু হয়। জানিব পৰা মতে, সন্ধিয়া শিশুটি আৰু তেওঁৰ ১০বছৰীয়া বায়েকৰ সৈতে দোকানৰ পৰা সামগ্ৰী কিনি ঘৰলৈ যোৱাৰ সময়ত হঠাতে পিছলি পানীত পৰি যায়।

পানীত পৰাৰ পিচতে স্থানীয় ৰাইজে সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে যদিও কণমানিৰ ঘটনাস্থলীতে মৃত্যু হয়।‌ পিচত সংকটজনক অৱস্থাত বায়েকক শিলচৰ চিকিৎসা মহা বিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। শিশুটিৰ অকাল মৃত্যুত শোকাহত গাঁৱখনৰ ৰাইজ।