মুখ্য-পৃষ্ঠা

১২৮ সংখ্যক মৃত্যু তিথিত গুৱাহাটী বিশ্ববিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক সশ্ৰদ্ধ সোঁৱৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ১২৮ সংখ্যক মৃত্যু তিথিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা তেওঁৰ প্ৰতিমূৰ্তিৰ স্থলীত বুধবাৰে পুৱা অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ড০ অৱনী ভাগৱতীয়ে বন্তি প্ৰজ্বলনেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

তাৰ পাছতেই হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী, অসমীয়া প্ৰতিদিন সঞ্চালক ঋষি বৰুৱাই বন্তি প্ৰজ্বলন আৰু পুষ্প বৃষ্টিৰে ভাষাৰওজা গৰাকীক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানটোৰ আঁতধৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক চন্দন গোস্বামীয়ে। ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক প্ৰমূখ্যে বিষয়-ববীয়াসকল, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিনিধিসকলেও ভাষাৰ ওজাগৰাকীক উক্ত অনুষ্ঠানত শ্ৰদ্ধা নিবেদন কৰে ।

উল্লেখযোগ্য যে হেমচন্দ্ৰ বৰুৱাৰ কানীয়া কীৰ্তনখনক নাট্য ৰূপ দি মঞ্চস্থ কৰি মাদক দ্ৰব্যৰ বিৰুদ্ধে এক অভিযান হাতত লৈছে ইলোৰা বিজ্ঞান মঞ্চই এই কথা জানিবলৈ দিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা বিজ্ঞান মঞ্চৰ বিষয়-ববীয়াসকলে।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপনৰ কাৰ্যসূচী হাতত লৈ বিশ্ববিদ্যালয়ৰ চৌহদত থকা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা উদ্যানত ৬টা চন্দনৰ পুলি লগতে বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ চৌহদত ২টা চন্দনৰ পুলি ৰোপন কৰে অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলে।