মুখ্য-পৃষ্ঠা

জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ ১৬তম প্ৰতিষ্ঠা দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ সোমবাৰে ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই উদ্দেশ্যৰে আজি পুৱা কন্যকাৰ চৌহদত ধৰ্মীয় শোভাযাত্ৰা আৰু পতাকা উত্তোলনৰে কাৰ্যসুচী শুভাৰাম্ভ কৰে ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷

পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসঙ্গত বিধায়ক গৰাকীয়ে কয়-২০০৮ চনত একাংশ সন্দেহজনক নাগৰিকক এই ভূমিৰ পৰা আঁতৰ কৰি প্ৰতিষ্ঠা কৰা হৈছিল ভৰলীপৰীয়া কন্যকা কৃষি পামখন৷ জীয়াভৰলী নদীৰ পাৰত অবৈধভাৱে ভূমি বেদখল কৰি সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ বিচৰা সন্দেহজনক লোকসকলে স্থানীয় খিলঞ্জীয়া মানুহখিনিলৈ ভাবুকি কঢ়িয়াই আনিছিল ৷ কন্যকাৰ এই কৃষি ভূমিতে প্ৰতিষ্ঠা হোৱা নামঘৰত আজি শংকৰী কলা সংস্কৃতিৰ চৰ্চা চলিছে ৷ খিলঞ্জীয়া যুৱক যুৱতীক ভৰলীপৰীয়া কন্যকা বহুমূখী পামখনত সংস্থাপন দিয়া হৈছে৷ কন্যকাৰ প্ৰায় ৫হাজাৰ ভূমিত কৃষিকৰ্মৰ বিপ্লৱ সূচনা কৰা হৈছে বুলি মন্তব্য কৰে ৷

আনহাতে দিনৰ ১১ বজাৰ পৰা কন্যকা কৃষি পামত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ সভাত কন্যকাৰ ভৱিষ্যত পৰিকল্পনা,আঁচনিৰ সন্ধৰ্ভত বিষদ আলোচনা কৰা হয় ৷ নিশালৈ কন্যকা নামঘৰত অঞ্চলটোৰ বাচকবনীয়া শিল্পী সকলৰ দ্বাৰা “ ৰাম বিজয় ” নাট ভাওনা অনুষ্ঠিত কৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ৷