মুখ্য-পৃষ্ঠা

পানবাৰীত ১৯ টা কুকুৰ উদ্ধাৰ : ৪ জনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ :দৰং জিলাৰ অন্তৰ্গত মঙলদৈ অঞ্চলৰ পানবাৰী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি শুকুৰবাৰে এটি বন্ধ কোঠাৰ পৰা ১৯ টা কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। Furry friends, mangaldai নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে কুকুৰ কেইটা আবদ্ধ কৰি ৰখাৰ খবৰ পাই ৰক্ষণাবেক্ষণৰ কাৰণে পানবাৰী থানাত উপস্থিত হয়।

বস্তাত বান্ধি থোৱা কুকুৰ কেইটা প্ৰথমে মোকলাই দি খাদ্য খুৱাই গৃহস্থ থকা কেইবাটাও পোহনীয়া কুকুৰ গৃহস্থক গতাই দিয়ে। উল্লেখযোগ্য যে কুকুৰ কেইটাৰ লগতে একেটা ঘৰতে থকা চাৰিজন কুকুৰ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে যদিও আন ছয়জন সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কুকুৰ সৰবৰাহকাৰীকেইজনে দীৰ্ঘদিনৰ পৰা দৰঙৰ বিভিন্ন অঞ্চলৰ পৰা ধনৰ বিনিময়ত নাগালেণ্ডলৈ কুকুৰ সৰবৰাহ কৰি আহিছিল। ধৃত সৰবৰাহকাৰী কেইটা হৈছে- কাৰ্বিআংলঙৰ মিলিক মাৰাক, ইনা চাংমা, ষ্টাৰ মাৰাক আৰু ভকতপাৰাৰ মালু চাংমা।

ইতিমধ্যে ধুলা আৰক্ষীযে ধুলা / পি এছ / ১৫৮ / ২৪ নম্বৰত গোচৰ ৰুজু কৰি সৰবৰাহকাৰীকেইজনক জে'ল হাজোতলৈ প্ৰেৰণ কৰে।