মুখ্য-পৃষ্ঠা

গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অন্তৰ্ভুক্তিৰ কাৰ্য্যক্ৰমৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী: মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ২০২৪ - ২০২৫ শিক্ষায়তনিক বৰ্ষৰ বাবে আভিযান্ত্ৰিকৰ স্নাতক বিষয়ত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত AICTE ৰ বাধ্যতামূলক ২১ দিনীয়া ইনডাকচন কাৰ্য্যক্ৰমৰ শুভাৰম্ভ হয়। বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভণি হোৱা এই কাৰ্যক্ৰমৰ শুভ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য্য অধ্যাপক ননী গোপাল মহন্তদেৱে ।

ভাষণ প্ৰসংগত মহন্ত ডাঙৰীয়াই ছাত্ৰ - ছাত্ৰীসকলক বহল চিন্তাৰে ডাঙৰ সপোন ৰচি জীৱনৰ লক্ষ্যত ধাৱমান হ'বলৈ প্ৰেৰণা যোগায়। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক তুলসী বেজবৰুৱাদেৱে সকলোকে উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি গুৰু তথা তথ্য আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক শিখৰ কুমাৰ শৰ্মাৰ লগতে অনুবিদ্যুৎ আৰু যোগাযোগ আভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মা, প্ৰায়োগিক বিজ্ঞানৰ মুৰব্বী অধ্যাপক ঈশাংকুৰ শইকীয়া আৰু জীৱ আভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী ড° দেবব্ৰত বৈশ্য ডাঙৰীয়াই নিজৰ নিজৰ বিভাগক প্ৰতিনিধিত্ব কৰি ছাত্ৰ ছাত্ৰীসকলকৰ প্ৰতি বক্তব্য প্ৰদান কৰে।

তাৰোপৰি অনুষ্ঠানত উপস্থিত হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-কল্যাণৰ সঞ্চালক ড° ৰঞ্জন কাকতিদেৱে বিদ্যাৰ্থীসকলক শিক্ষা গ্ৰহণৰ লগতে আনুসংগিক প্ৰতিভা বিকাশৰ বিষয়সমূহতো মনোনিবেশ কৰিবলৈ আহ্বান জনায়। প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপিকা ভাৰতী বৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় সহাকাৰী অধ্যাপক ড° জ্যোতিপ্ৰকাশ মেধিদেৱে। উক্ত ২১ দিনীয়া Induction কাৰ্যক্ৰমৰ বাকী দিনবোৰত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব বুলি Induction কাৰ্যক্ৰমৰ অন্যতম সমন্বয়ক সহযোগী অধ্যাপিকা ড° সুনন্দা নায়কে জানিবলৈ দিয়ে।