মুখ্য-পৃষ্ঠা

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মঙলবাৰে অনুষ্ঠিত হৈছে। আজিৰ দিনটোত সংকল্প প্ৰস্তাৱ গ্ৰহণ আৰু কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। আনহাতে বুধবাৰে পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ সন্দৰ্ভত আলোচনা আৰু ভোটদান হ'ব।

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমদিনা স্মাৰ্ট মিটাৰক লৈ বিৰোধীয়ে সদন উত্তপ্ত কৰাৰ লগতে সদন ত্যাগ কৰিছিল৷ কংগ্ৰেছৰ বিধায়কসকলৰ লগতে এ আই ইউ ডি এফ, ৰাইজৰ দল, চি পি আই এম এলৰ বিধায়কেও সদন ত্যাগ কৰি সদনৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।

উল্লেখযোগ্য যে যোৱা ২২ আগষ্টত বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ হয়। এইকেইদিন বন্ধ থকাৰ পাছত আজি পুনৰ বিধানসভা অধিৱেশনৰ কাম-কাজ আৰম্ভ হ'ব। এই অধিবেশনৰ অহা ৩০ আগষ্টত সামৰণি পৰিব।