মুখ্য-পৃষ্ঠা

লোকসভা নিৰ্বাচন ২০২৪ঃ ১৩ৰাজ্যৰ ৮৯টা সমষ্টিত কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ ১৩খন ৰাজ্যত ৮৯টা সমষ্টিত কাইলৈ অনুষ্ঠিত হব লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমকে ধৰি বিহাৰ, চত্তীশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ আৰু পশ্চিম বংগত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

অসমৰ ৫টা সমষ্টি, পশ্চিম বংগৰ ৫টা, উত্তৰ প্ৰদেশৰ ৮টা, ত্ৰিপুৰাৰ ১টা, মণিপুৰৰ ১টা, ৰাজস্থানৰ ১১টা, মহাৰাষ্ট্ৰৰ ৯টা, মধ্যপ্ৰদেশৰ ৭টা, কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, জম্মু-কাশ্মীৰৰ ১টা, চত্তীশগড়ত ৩টা আৰু বিহাৰৰ ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব এই নিৰ্বাচন।

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৭৭লাখ ভোটাৰে নিৰ্ণয় কৰিব ৫টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভাগ্য। পুৱা ৭বজাৰ পৰা ৫বজালৈকে অনুষ্ঠিত হব এই ভোটগ্ৰহণ।