মুখ্য-পৃষ্ঠা

ভয়ংকৰঃ বিষাক্ত সুৰাই প্ৰাণ ল’লে ৩৪গৰাকী লোকৰ, মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অত্যাধিক সুৰাপান স্বাস্থ্যৰ বাবে হানিকাৰক যদিও আমাৰ দেশত মদ খোৱা মানুহৰ অভাৱ নাই। শেহতীয়াকৈ তামিলনাডুৰ কল্লাকুৰিছীত বিষাক্ত মদ খাই ৩৪গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ১০০ৰো অধিক লোক চিকিৎসাধীন হৈ আছে বুলি তামিলনাডু প্ৰশাসনে সদৰি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি নিহত হোৱা অধিকাংশ লোকেই হৈছে কৰুণাপুৰমৰ। ইফালে মৃতকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পাছতে মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বৃহস্পতিবাৰে আয়োজন কৰে এখন জৰুৰী বৈঠকৰ।

এই সমগ্ৰ ঘটনাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে নিজে চকু ৰাখিছে বুলি শেহতীয়াকৈ সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছে। লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ ১০লাখ আৰু চিকিৎসাধীনসকলৰ বাবে ৫০হাজাৰকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে কল্লাকুৰিছীৰ আয়ুক্তগৰাকীক বদলিৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। ন্যায়াধীশ গকুল দাসৰ অধ্যক্ষতাত এখন বিশেষ তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী এম কে ষ্টালিনে।