মুখ্য-পৃষ্ঠা

No ST No Rest,জনজাতিকৰণৰ দাবীৰে বিশ্বনাথত মোডী-হিমন্তৰ পুত্তলিকা দাহ...

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথঃ দীৰ্ঘদিনে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি চূড়ান্ত প্ৰতাৰণা কৰি অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিছে ৬ জনগোষ্ঠীয় যৌথ মঞ্চ।

বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ সন্মুখত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ উদ্যোগত কোচ ৰাজবংশী ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা,মৰাণ ছাত্ৰ সন্থাই no ST no Rest, জনজাতি আমাক লাগিবই,বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গ' বেক আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল মৰাণৰ প্ৰতিকৃতি দাহ কৰি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলক বাধা দিবলৈ গৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, ২০২৬ চনৰ ভিতৰত যদি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ নাপায়, তেন্তে ইয়াতকৈও জংগী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি আজিৰ প্ৰতিবাদৰ জড়িয়তে চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰীয়ে।