মুখ্য-পৃষ্ঠা

ক'ত কিমান ভোটদানঃ প্ৰধানমন্ত্ৰীৰ সমষ্টিত প্ৰায় আধা সংখ্যকেই ওলাই নাহিল ভোট দিবলৈ!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্ৰহণ দেশৰ ৭ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিত দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। বিয়লি ৫বজালৈকে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে- ৫৮.৩৪ শতাংশ

বিয়লি ৫বজালৈকে বিহাৰত ভোটদানৰ হাৰ হৈছে ৪৮.৮৬শতাংশ। চণ্ডীগড়ত ৬২.৮০শতাংশ, হিমাচলত ৬৬.৫৬শতাংশ, ঝাৰখণ্ডত ৬৭.৯৫শতাংশ, ওড়িশাত ৬২.৪৬ শতাংশ, পাঞ্জাৱত ৫৫.২০শতাংশ, উত্তৰ প্ৰদেশত ৫৪.০০শতাংশ আৰু পশ্চিম বংগত ৬৯.৮৯শতাংশ ভোটদান সাব্যস্ত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰাণসীত ৫বজালৈকে ভোটদানৰ হাৰ হৈছে ৫৪.৫৮শতাংশ। ইফালে কংগণা ৰাণাৱটে প্ৰতিদ্বন্দ্বিতা কৰা মাণ্ডি সমষ্টিত ভোটদানৰ হাৰ এতিয়ালৈকে ৬৯.০৭শতাংশ। 

উল্লেখ কৰা প্ৰয়োজন যে, এই পর্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে  ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।