মুখ্য-পৃষ্ঠা

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ ইভিএমত বন্দী হ'ব কেইবাগৰাকী হেভীৱেট প্রার্থীৰ ভাগ্য

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ মুঠ ৫৭ টা সমষ্টিত শনিবাৰে ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পর্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে প্রতিদ্বন্দ্বিতা হ'ব।

শনিবাৰে পুৱা ৭ বজাত ভোটগ্রহণ আৰম্ভ হ'ব। সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী ৰথী-মহাৰথীৰ। অন্তিম পর্যায়ত মুঠ ৯০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।

বাৰাণসী সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে। 

ইয়াৰোপৰি অন্তিম পৰ্যায়ত ভাগ্য নির্ণয় হ'বলগীয়া প্রার্থীসকলৰ ভিতৰত আছে কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্রী কংগনা ৰাণাৱট, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্রী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্রাক্তন কেন্দ্রীয় মন্ত্রী হৰছিমৰাৎ কৌৰ বাদল, আৰ জে দি নেতা লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মণীষ তিৱাৰী, বিক্রমাদিত্য সিং আদি।

সংশ্লিষ্ট অঞ্চলসমূহত স্বচ্ছ আৰু নিকা পদ্ধতিৰে ভোটগ্রহণ অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগে যাৱতীয় ব্যবস্থা গ্রহণ কৰিছে। জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগসকলকে ধৰি প্ৰতিগৰাকী ভোটদাতাৰ ভোটদানৰ সূচলতা সুনিশ্চিত কৰাৰ বাবে সকলো দিশতে আয়োগে গুৰুত্ব আৰোপ কৰিছে। ভোটগ্রহণ হ'বলগীয়া অঞ্চলসমূহত উদ্ভৱ হ'ব পৰা যিকোনো অপ্রীতিকৰ পৰিস্থিতি এৰাই চলিবলৈ নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে।