মুখ্য-পৃষ্ঠা

গুৱাহাটী আলোচনা চক্ৰৰ ৮৩৩ সংখ্যক 'মেঘদূত' বৈঠক...

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী আলোচনা চক্ৰৰ ৮৩৩ সংখ্যক 'মেঘদূত ' বৈঠকখনি যোৱা ১৪ জুলাই তাৰিখে অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জগদীশ চন্দ্ৰ ভট্টাচাৰ্যৰ সোৱঁৰণত তেখেতৰ পুত্ৰ ভৰদ্বাজ ভট্টাচাৰ্যৰ আমন্ত্ৰণ ক্ৰমে পূব শৰণীয়া পূজা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। বৈঠকত সভাপতিত্ব কৰে চক্ৰৰ স্থায়ী সভাপতি কনক চন্দ্ৰ শৰ্মাই। মঞ্জু গৌতমৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা বৈঠকৰ আদিতে প্ৰয়াত জগদীশ চন্দ্ৰ ভট্টাচাৰ্য আৰু তেখেতৰ পত্নী কণিকা ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সভাপতি কনক চন্দ্ৰ শৰ্মাই।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী আলোচনা চক্ৰৰ অন্যতম সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই আৰু সমূহ চক্ৰধাৰীকে আদৰণি জনায় ভৰদ্বাজ ভট্টাচাৰ্যই। সভাত সম্পাদক দিলীপ বৰুৱাই যোৱা বৈঠকৰ কাৰ্যবিৱৰণী পাঠ কৰে। প্ৰয়াত জগদীশ চন্দ্ৰ ভট্টাচাৰ্যৰ স্মৃতি চাৰণ কৰে কনক চন্দ্ৰ শৰ্মাই। অনুষ্ঠানটিত কবিতা পাঠ কৰে ৰত্না ভট্টাচাৰ্য, ভবেন তালুকদাৰ, হৰেন্দ্ৰ নাথ শৰ্মা, ভৰদ্বাজ ভট্টাচাৰ্য, অতুল শৰ্মা, ফণী বৰ্মন, দিলীপ বৰুৱা, অৰূপ গোস্বামী, মদন মেধি,ৰুণু দেৱী শৰ্মা আৰু নিতু গোস্বামীয়ে।

'বাৰ্ধক্যক উপভোগ কৰোঁ আহক' শীৰ্ষক প্ৰৱন্ধ এটি পাঠ কৰে অৱসৰী আয়ুক্ত-সচিব অঞ্জন শৰ্মাই। কুমুদ চন্দ্ৰ ডেকাই পাঠ কৰা প্ৰৱন্ধটিত প্ৰখ্যাত সাহিত্যিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী বৰ্ষৰ এতিয়ালৈকে পালিত অনুষ্ঠানসমূহত অসমবাসীয়ে আশানুৰূপ সঁহাৰি নিদিয়া বুলি আক্ষেপ কৰে।

কনক চন্দ্ৰ শৰ্মাই মহাকবি কালিদাস বিৰচিত-মেঘদূত, অভিজ্ঞান শকুন্তলম, ৰঘুবংশ, কুমাৰসম্ভৱ আৰু ঋতুসংহাৰ -কাব্যৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে কালিদাসৰ জগত-জিলিকা প্ৰতিভাৰ বিষয়ে বিৱৰি কয়। বৈঠকত পূৰবী তালুকদাৰে কামৰূপীয়া লোকগীত পৰিৱেশন কৰে। গুৱাহাটী আলোচনা চক্ৰৰ অন্যতম সম্পাদক ডঃৰোমান শৰ্মাইও চমু বক্তব্য আগবঢ়ায় আৰু হৰেন্দ্ৰ নাথ শৰ্মাই বৈঠকত পঠিত কবিতা আৰু প্ৰৱন্ধৰাজিৰ ওপৰত পৰ্যালোচনা আগবঢ়ায়।

উল্লেখযোগ্য যে গুৱাহাটী আলোচনা চক্ৰৰ পৰৱৰ্তী বৈঠক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উপলক্ষে তেখেতৰ সাহিত্য কৃতিৰ ওপৰত অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাপতি কনক চন্দ্ৰ শৰ্মাৰ মন্তব্যৰে বৈঠকৰ সামৰণি পৰে।