মুখ্য-পৃষ্ঠা

সীমান্তৱৰ্তী লিকাবালিত নিৰুদ্দেশ ৮বছৰীয়া শিশু

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰ: অসম-অৰুণাচলৰ প্ৰদেশৰ সীমান্তৱাৰ্তী লিকাবালিত বুধবাৰৰ পৰা নিখোজ হৈ আছে এটি স্কুলীয়া ৮বছৰীয়া শিশু। জানিব পৰামতে শিশুটি চিলাপথাৰ‌ অঞ্চলৰ লিকাবালি মিলনপুৰ নিবাসী ৰাজু দাসৰ পুত্ৰ প্ৰসেনজিত দাস (৮)।

ঘটনাৰ প্ৰাপ্ত বিৱৰণী মতে, লিকাবালি এন চি এল পি স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰসেনজিতে অন্য দিনৰ দলৰ বুধবাৰেও স্কুল ছুটি হোৱাৰ পিছতে এজন সমনীয়াৰ সৈতে ঘৰলৈ বুলি যাত্ৰা কৰে। পিছে ঘৰলৈ বুলি যোৱা শিশুটি এই পৰ্যন্ত ঘৰ গৈ নাপালে। লগত যোৱা সমনীয়াৰ ভাষ্য মতে প্ৰসেনজিতে তেওঁক এৰি অকলে লিকাবালি‌ নগৰ দিশে গুচি গৈছিল।

উক্ত সময়ৰ পৰাই আজি পৰ্যন্ত নিখোজ হৈ আছে শিশুটি। বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। ঘটনাৰ সন্দৰ্ভত শিশুৰ পিতৃয়ে লিকাবালি আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। স্কুলীয়া ইউনিফৰ্ম পৰিহিত, প্ৰায় আঢ়ৈ ফুট উচ্চ তাৰ মিঠা বৰণৰ শিশুটিৰ কোনো সন্ধান পালে ওচৰৰ আৰক্ষী অথবা 9864542383 নম্বৰত যোগাযোগ কৰিবলৈ অভিভাৱকে অনুৰোধ জনাইছে।