মৰঙিত যুৱকৰ সলিল সমাধি 
মুখ্য-পৃষ্ঠা

মৰঙিত যুৱকৰ সলিল সমাধি

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাটৰ মৰঙি তেলীয়া গাৱঁত এজন যুৱকৰ সলিল সমাধি। পুখুৰীৰ পানীত পৰি মৃত্যু হয় ২২ বছৰীয়া যুৱকজনৰ। মৰঙিৰ তেলীয়া গাৱঁৰ ৰাজোৱাৰ বস্তিত সংঘটিত হয় এই ঘটনা।

ঘৰৰ বাৰীৰ এটা পুখুৰীত পৰি মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনৰ নাম ৰাজেশ ৰাজোৱাৰ । উল্লেখ্য যে, যুৱকজন বৃহস্পতিবাৰৰ বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছিল। শুকুৰবাৰে যুৱকজন ঘৰৰ বাৰীৰ চৌহদত থকা পুখুৰীত পৰিয়ালৰ লোকে অনুসন্ধান কৰি মৃত অৱস্থাত যুৱকজনক উদ্ধাৰ কৰে ৷

ইতিমধ্যে নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷