মুখ্য-পৃষ্ঠা

মিজোৰামত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী, মহিলা সহ দুজন গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ হেৰ'ইন আৰু মেথামফেটামাইন টেৱলেট জব্দ কৰিছে আৰক্ষীয়ে।‌ দুটা পৃথক স্থানত অভিযান চলাই জব্দ কৰা হয় এই ড্ৰাগছখিনি।‌

মিজোৰামৰ খোৱাজাউল আৰু চাম্পাই জিলাৰ আৰক্ষীয়ে অভিযান চলাই ম্যানমাৰ সীমান্তৱৰ্তী চম্পাই জিলাৰ ভেংছাঙৰ পৰা জব্দ কৰা হয় ১১৫.৫৫ কেজি মেথামফেটামাইন। চাম্পাই দিশৰ পৰা আইজল অভিমুখী এম জেড-০৬-১৫১৭ নম্বৰৰ এখন বলেৰো বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে মেথামফেটামাইন ভৰ্তি ১০৬ পেকেট। পেকেট কেইটাৰ পৰা ১,০৭০,৬০০ টা টেবলেট জব্দ কৰা হয় । যাৰ ওজন ১১৫.৫৫ কেজি।

উল্লেখযোগ্য যে জব্দ কৰা মেথামফেটামাইনখিনিৰ মূল্য প্ৰায় ৩২,১১,৮০,০০০ টকা। ইফালে, নিচাজাতীয় এই সামগ্ৰী সৰবৰাহৰ অভিযোগত মিজোৰাম আৰক্ষীয়ে লালৰিণ্ট লুয়াংগা (৫০) নামৰ বাহনখনৰ চালক তথা গৰাকীক গ্ৰেপ্তাৰ কৰিছে।‌ ইফালে, আন এক অভিযানত জোখোৱাথাৰ আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনৰ পৰা ১২৪টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচকেইটাৰ পৰা মুঠ ১কেজি ৪২৯ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰা হয়। আৰক্ষীৰ মতে, জব্দকৃত হেৰ'ইনখিনিৰ মূল্য ৪২,৮৭,০০০ টকা যদিও কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ এক সূত্ৰৰ মতে আন্ত: ৰাষ্ট্ৰীয় ক'লা বজাৰত হেৰ'ইন খিনিৰ মুল্য প্ৰায় ১০ কোটি টকা। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে লালদুহমী (২৭) নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।‌ মহিলাগৰাকীৰ ঘৰ চাম্পাই জিলাৰ দিনথাৰ ভেঙত।