মুখ্য-পৃষ্ঠা

ছিপাঝাৰত আপত যোগদান শতাধিকৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছিপাঝাৰ: সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি আম আদমী পাৰ্টিৰ নেতা - কৰ্মীসকলে দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এই উদ্দেশ্যে দেওবাৰে দৰং জিলাৰ ছিপাঝাৰ সাহিত্য সভা ভৱনত আপৰ এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, দলৰ নেতা ৰমেন বৰঠাকুৰ আৰু নীলমণি শইকীয়াৰ উপস্থিতিত দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত যোগদান সভাত ভিন্ন দল ত্যাগ কৰি অহা শতাধিক নেতা - কৰ্মীয়ে আপত যোগদান কৰে। দলত নতুনকৈ যোগদান কৰা নেতা-কৰ্মীসকলক উদ্দেশ্যি উত্তৰ পূৰ্বাঞ্চলৰ আপৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়।

নতুনকৈ যোগদান কৰা সকলক দললৈ আদৰণি জনায় তেওঁ কয়, "বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমত আপৰ গণভিত্তি শক্তিশালী কৰি তুলিবলৈ সকলোৱে চেষ্টা কৰা উচিত।" আনহাতে, কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰ বিৰুদ্ধে সমালোচনাত মুখৰ হয় ৰমেন বৰঠাকুৰে। এই দল সমূহৰ দুৰ্নীতি উৎখাত কৰাৰ স্বাৰ্থত সকলো স্তৰৰ জনসাধৰণক আপত যোগদান কৰিবলৈ বৰঠাকুৰে আহ্বান জনায়।

আজি দৰং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আপত যোগদান কৰা নেতৃস্থানীয়সকলৰ ভিতৰত বিশিষ্ট ব্যৱসায়ী হিৰণ শৰ্মা, ছাত্ৰ নেতা হাচেন আলি, ষ্টপ ক্ৰাইম অৰ্গেনাইজেচন নামৰ সংগঠনৰ বিষয়ববীয়া জেহেৰুল ইছলাম, ধীৰেন ডেকা, প্ৰাঞ্জল বনিয়া, ৰঞ্জন তাঁতী, দীপাংকৰ বৰুৱা প্ৰমুখ্যে অন্যতম। উল্লেখ্য যে আপৰ সাংগঠনিক পুনৰগঠনৰ বাবে ব্যাপক তৎপৰতা অব্যাহত থকাৰ মাজতে আজিৰ যোগদান কাৰ্যসূচীয়ে দৰং জিলাৰ আপ কৰ্মী সকলক যথেষ্ট উৎসাহিত কৰিছে।