মুখ্য-পৃষ্ঠা

AASU General Secretary: শংকৰে এৰিলে আছুঃ চৰ্জুন হান্সেৰ কান্ধত পৰিব গধুৰ দায়িত্ব!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই আছুৰ পৰা একেবাৰে বিদাল ল'লে শংকৰজ্যোতি বৰুৱাই। নাৰীকেন্দ্ৰিক বিৰ্তকৰ পাছত কিছুদিনৰ পূৰ্বে সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱা বৰুৱাই ১৮ছেপ্টেম্বৰ, ২০২৪ত আছুৰ মজিয়াৰ পৰাই একেবাৰে বিদায় ল'লে।

গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাৰ পৰা এক সূত্ৰই সদৰি কৰিছে যে, সাধাৰণ সম্পাদক পদবীটোৰ দৌৰত আগবাঢ়ি আছে এগৰাকী জনজাতীয় নেতা। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সদ্যহতে সাধাৰণ সম্পাদকৰ পৰিৱৰ্তে ভাৰপ্রাপ্ত সাধাৰণ সম্পাদকৰূপে এজনক বাচনি কৰিব ৷ কিয়নো আছুৰ সংবিধান অনুসৰি সাধাৰণ সম্পাদকৰ পৰিৱৰ্তে তাৎক্ষণিকভাৱে সহকাৰী সাধাৰণ সম্পাদকক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিব পৰা যায় ।

আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিত আছে ৫গৰাকী সহকাৰী সাধাৰণ সম্পাদক। আছুৰ ৫গৰাকী সহকাৰী সাধাৰণ সম্পাদক হৈছে- চৰ্জুন হান্সে, ৰাণা সোণাৰ, পিতুল বৰা, অভিজিত নাথ আৰু দীপক শৰ্মা। এই ৫গৰাকীৰ ভিতৰতে কোনোবা এগৰাকী আগন্তুক সময়ত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিব।

কাৰ্যনিৰ্বাহক সভাৰ পৰা অহা খবৰ অনুসৰি, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দৌৰত আগত আছে কাৰ্বি আংলং জিলাৰ চৰ্জুন হান্সেৰ নাম। কিয়নো শেহতীয়াকৈ বিৰ্তকত সাঙুৰ খাই পৰা আছুয়ে পাহাৰ-ভৈয়ামৰ একতাৰ বাণী প্ৰচাৰ কৰিবলৈকে চৰ্জুন হান্সেৰ কান্ধত এই গুৰু দায়িত্ব অৰ্পন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

অৱশ্যে এই ক্ষেত্ৰত ধেমাজিৰ দীপক শৰ্মাৰ নামো উচ্চাৰিত হৈছে। কিয়নো ছুৰ সভাপতি-সম্পাদক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত উজনি-নামনি প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰে। কেন্দ্ৰীয় সমিতিৰ সদস্যৰ ক্ষেত্ৰতো এই প্ৰসংগই বিশেষ ভূমিকা পালন কৰে। যিহেতু বৰ্তমানৰ সভাপতি গৰাকী মধ্য অসমৰ, গতিকে সাধাৰণ সম্পাদকগৰাকীৰ ক্ষেত্ৰত উজনিক বিশেষভাৱে প্ৰাধান্য দিয়াৰ সম্ভাৱনা আছে। যদিহে সেয়াই হয় তেন্তে ধেমাজিৰ দীপক শৰ্মাৰ কপাল ফুঁলিব পাৰে।

ইফালে অতি শীঘ্ৰেই আছুৰ বিশেষ সাধাৰণ সভা তথা প্রতিনিধিৰ বৈঠক অনুষ্ঠিত কৰি এগৰাকী সাধাৰণ সম্পাদক অচিৰেই নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো আজিৰ কাৰ্যনিৰ্বাহকত আলোচিত হৈছে। সাধাৰণ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰা এবছৰ হৈছিলহে শংকৰজ্যোতি বৰুৱাৰ । আৰু তিনি বছৰ কাৰ্যকাল বাকী আছিল ৷ গতিকে এই দীৰ্ঘ সময় এগৰাকী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ সৈতে কাৰ্যকাল পাৰ কৰাতো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে সভাপতি উতপল শৰ্মাই।