মুখ্য-পৃষ্ঠা

মৃত অবিনাশৰ ঘৰত কংগ্ৰেছৰ সঁজাতী দল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সঁজাতী দল এটাই আজি সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে গুৱাহাটীৰ উন্মুক্ত নলাত পৰি অকালতে প্ৰাণ হেৰুওৱা ৮ বছৰীয়া অবিনাশ সৰকাৰৰ ঘৰলৈ যায়৷

প্ৰদেশ কংগ্ৰেছ কমিটিৰ সঁজাতী দলটোৱে মহানগৰীৰ নুনমাটিৰ ভৱানীপুৰৰ মায়ানগৰস্থিত ঘৰখনলৈ গৈ শোকসন্তপ্ত পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলক সান্ত্ৱনা দিয়াৰ লগতে এই মৰ্মবেদনা সহিব পৰাকৈ নেদেখাজনক সাহস দিবলৈ প্ৰাৰ্থনা কৰে৷

সঁজাতী দলটোৱে ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে অবিনাশ সৰকাৰৰ আত্মাৰ সদ্গতি কামনা কৰে৷ সঁজাতী দলটোত আছিল ববিতা শৰ্মা, গুণকান্ত গগৈ, বালিকা লাহন পেগু, ৰূপা দেউৰী, বিপুল গগৈ, খলিলুৰ ৰহমান, মৌচুমি নেওগ, মাইনাজান বেগম আৰু আনচুলা দৈমাৰী।