মুখ্য-পৃষ্ঠা

ৰঙাপৰাৰ পথ দুৰ্ঘটনাত আহত দুজন লোক

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰঙাপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত। আহত দুজন ক্ৰমে চাকিত ৰাজা আনচাৰী আৰু গনেশ দাস ৷ জানিব পৰা মতে, অভাৰটেক কৰিবলৈ গৈ বেচেৰীয়া BRO কেম্পৰ পৰা ৰঙাপৰা অভিমুখী বাহনখন 21B 15777 নম্বৰৰ বাহনত খুন্দা মাৰে।

দুচকীয়া বাহনখনৰ নম্বৰ AS- 02-AE -2835 ৷ ৰঙাপৰা ঠাকুৰবাৰী ৰেলৱে গেটৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো। ইতিমধ্যে ৰঙাপৰা আৰক্ষী উপস্থিত হৈ আহত দুজনক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷