মুখ্য-পৃষ্ঠা

যোৰহাটত সুদীৰ্ঘ চাৰি কুৰি বছৰৰ পাছত ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ বি চি ৰয় ফুটবল চেম্পিয়নশ্বিপ, চন ১৯৮৪। সেই চনটোৱেই আছিল যোৰহাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল অৰ্থাৎ দুভৰিৰ যাদু অনুষ্ঠিত হোৱা এটি সৌভাগ্যৰ বছৰ আৰু সেই সৌভাগ্য আজি চাৰিকুৰি বছৰ বিৰতিৰ অন্তত যোৰহাটে লাভ কৰিবলৈ সক্ষম হৈছে, যিটো যোৰহাটবাসী আৰু ক্ৰীড়াপ্ৰেমীৰ লগতে খেলুৱৈসকলৰ বাবে আনন্দৰ আৰু গৌৰৱৰ কথা। সেই গৌৰৱেৰে পুনৰ দুভৰিৰ যাদু চাবলৈ উদবাউল যোৰহাটবাসী।

শনিবাৰৰ পৰা সুদীৰ্ঘ চল্লিশ বছৰৰ পাছত যোৰহাটত অনুষ্ঠিত হ’ব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা। মাজত মাত্ৰ এটা দিন তাৰ পাছতেই যোৰহাটত উপভোগ কৰিব পাৰিব মুঠ ৩১খনকৈ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ফুটবল খেল। সৰ্বভাৰতীয় ফুটবল সন্থাৰ দ্বাৰা আয়োজিত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাটৰ যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৭ ছেপ্টেম্বৰৰ পৰা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) ফুটবল চেম্পিয়নশ্বিপ প্রতিযোগিতাখন।

টায়াৰ-২ খন অসমত অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ টায়াৰ-১ খন কালিলৈৰ পৰা বেংগালোৰত আৰম্ভ হ’ব। প্ৰতিযোগিতাখনত ইতিমধ্যে ভাৰতৰ ১৭খন ৰাজ্যৰ পৰা ১৭টা ফুটবল দলে যোগদান কৰিছে। যোগদান কৰা ১৭টা দলক মুঠ চাৰিটা গ্ৰুপত ভাগ কৰিছে। সেই অনুসৰি ৭ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত যোগদান কৰা দল সমূহক ক্ৰমে গ্ৰুপ ‘এ’ত তামিলনাডু, তেলেংগানা, লাক্ষাদ্বীপ, মধ্যপ্ৰদেশ আৰু আয়োজক অসম।

গ্ৰুপ ‘বি’ত চণ্ডীগড়, হাৰিয়ানা, আন্দামান নিকোবৰ আৰু ত্ৰিপুৰা। গ্ৰুপ ‘চি’ত পণ্ডিচেৰী, জম্মু-কাশ্মীৰ, ৰাজস্থান আৰু উত্তৰাখাণ্ড। গ্ৰুপ ‘ডি’ত অন্ধপ্ৰদেশ, ছিকিম, ছতীশগড় আৰু হিমাচলপ্ৰদেশ। উল্লেখযোগ্য যে দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’ব আৰু ৭ ছেপ্টেম্বৰ দিনা বিয়লি ১.৩০ বজাৰ পৰা উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব লগা প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন খেলিব লাক্ষাদ্বীপ আৰু তেলেংগানাই। সেইদিনা দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব আয়োজক অসম আৰু মধ্যপ্ৰদেশৰ মাজত।

প্ৰতিযোগিতাখন উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে লগতে উপস্থিত থাকিব অসম ফুটবল সন্থাৰ সভাপতি নৱ দলে। প্ৰতিযোগিতাখনৰ পাৰম্ভিক পৰ্যায়ত লীগৰ খেল সমূহ মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে উদ্বোধনী আৰু ছেমিফাইনেল, ফাইনেল খেলসমূহ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৮ ছেপ্টেম্বৰত গ্ৰুপ ‘এ’ৰ আৰু গ্ৰুপ ‘চি’ৰ চেম্পিয়নৰ মাজত প্ৰথমখন ছেমি, গ্ৰুপ ‘বি’ৰ আৰু গ্ৰুপ ‘ডি’ৰ চেম্পিয়নৰ মাজত দ্বিতীয়খন ছেমি ফাইনেল খেন দুখন অনুষ্ঠিত হ’ব আৰু ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।

প্ৰতিযোগিতাখনৰ মেছ কমিচনাৰ কেৰেলাৰ ৰবীন্দ্ৰ ৰাজু ইতিমধ্যে যোৰহাটত আহি পাইছে আৰু খেলপথাৰসমূহ পৰিদৰ্শন কৰাৰ লগতে প্ৰতিযোগিতাখনৰ সন্দৰ্ভত সকলো বিষয় বুজ লৈছে। আজি বাতৰি লিখা পৰলৈকে আয়োজক অসম, তেনেংগানা, মধ্যপ্ৰদেশ, লাক্ষাদ্বীপ আৰু তামিলনাডু এই দলকেইটা আহি যোৰহাটত উপস্থিত হৈছে আৰু অনুশীলন আৰম্ভ কৰিছে।

তাৎপৰ্যপূৰ্ণ বিষয় যে, এই ফুটবল চেম্পিয়নশ্বিপৰ প্ৰতিখন খেলতে উপস্থিত থাকিব ৰাষ্ট্ৰীয় ফুটবল দল গঠনৰ বাবে খেলুৱৈ নিৰ্বাচিত কৰিবলৈ নিৰ্বাচক প্ৰতিনিধি দল। ইফালে প্ৰতিযোগিতাখন সকলো দিশৰ পৰা সফলতাৰ বাবে প্ৰতিযোগিতাখনৰ ১৫খনকৈ উপ-সমিতিকেইখনে দৈনিক ব্যাপক ভাৱে প্ৰস্তুতি চলাই থকাৰ লগতে প্ৰতিযোগিতালৈ বিভিন্ন ৰাজ্যৰ পৰা আহিব লগা প্ৰায় ৫শ প্ৰতিনিধিক থকা-খোৱাৰ সু-ব্যৱস্থাৰ বাবে প্ৰস্তুতি চলাই আছে বুলি সন্থাৰ পৰা জানিব পৰা গৈছে।