মুখ্য-পৃষ্ঠা

কংগ্ৰেছত যোগদান সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ স্পষ্টীকৰণ..

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচৰঃ শনিবাৰে মানকাচৰত এখন সংবাদমেল সম্বোধন কৰে এআইউডিএফে। সংবাদমেলত উপস্থিত থাকে দলৰ সাংগঠনিক সম্পাদক আমিনুল ইছলাম।এআইউডিএফ ৰ আইনী উপদেষ্টাই দলটোৰ বিৰুদ্ধে কেবাটাও অভিযোগ উত্থাপন কৰা সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে। কংগ্ৰেছৰ চক্ৰান্তত অধিবক্তা এ কে তালুকদাৰে এই অভিযোগ আনিছে বুলি স্পষ্ট কৰে বিধায়ক আমিনুল ইছলামে।

উল্লেখ্য যে, শুকুৰবাৰে দলটোৰ বিৰুদ্ধে কেবাটাও অভিযোগ উত্থাপন কৰিছিল এআইউডিএফ ৰ আইনী উপদেষ্টা এ কে তালুকদাৰে। এআইউডিএফে ডি ভোটাৰ তথা সংখ্যালঘূ সকলৰ বাবে ভাল অধিবক্তা নিয়োগ কৰা নাই বুলি অভিযোগ কৰিছিল তালুকদাৰে। লগতে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম সহ কেইবাজনো বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলিও এ কে তালুকদাৰে অভিযোগ কৰিছিল।